গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত উচ্চ আৰু গুণগত শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম বিষয়ক পাঠ্যক্ৰমে শেহতীয়াকৈ ক্ৰমাগত ভাৱে তৃতীয় বাৰৰ বাবে নেচনেল বোৰ্ড অব এক্ৰিডিয়েচন (NATIONAL BOARD OF ACCREDITATION) চমুকৈ এনবিএ (NBA) দ্বাৰা স্বীকৃতি তথা মান্যতা পাবলৈ সক্ষম হৈছ। ইয়াৰ আগেয়ে বি.ফাৰ্ম পাঠ্যক্ৰমটোৱে পোন প্ৰথমবাৰৰ বাবে ২০১৬ বৰ্ষত তিনি বছৰৰ বাবে আৰু ২০১৯ বৰ্ষত আকৌ তিনি বছৰৰ বাবে এনবিৰ দ্বাৰা মান্যতা পাবলৈ সক্ষম হৈছিল। উল্লেখযোগ্য যে NAAC ৰ লগতে NBA ও হৈছে দেশৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহক স্বীকৃতি তথা মান্যতা প্ৰদান কাৰী এটি সংস্থা।
প্ৰতিষ্ঠানখনিৰ বিদ্যায়তনিক আৰু গৱেষণামূলক সা-সুবিধা,আন্ত: গাঠনি তথা উত্তম আৰু উচ্চ পৰ্যায়ৰ গৱেষণামূলক কাম-কাজৰ বাবে স্বীকৃতিৰ চিনস্বৰূপে ভাৰত চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে প্ৰতিষ্ঠানখনে লাভ কৰা বিভিন্ন ধৰণৰ পুৰষ্কাৰ, গৱেষণামূলক কাম-কাজৰ বাবে বিভিন্ন আচঁনিৰ ধনৰাশি ইত্যাদি সমূহৰ কথা জানিব পাৰি NBA ৰ সজাতি দলটিয়ে সন্তোষ প্ৰকাশ কৰাৰ লগতে প্ৰতিষ্ঠানৰ এনেবোৰ সফলতাৰ বাবে প্ৰতিষ্ঠানখনক ভূয়সী প্ৰশংসা কৰে। ২০০৭ বৰ্ষত স্থাপিত বি.ফাৰ্ম পাঠ্যক্ৰমৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাছিউটিকেল চায়েন্স হৈছে ভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ (AICTE) আৰু ভাৰতীয় ফাৰ্মাছিউটিকেল পৰিষদ (PCI)ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ ফাৰ্মাছি শিক্ষাৰ প্ৰতিষ্ঠান।