২০২২ বৰ্ষত মেট্রিকত শূন্য ফলাফল দেখুৱা ৩৪ খনকৈ বিদ্যালয় বন্ধ কৰাৰ চৰকাৰৰ সিদ্ধান্তই মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। একাংশ শিক্ষক তথা অভিভাৱকে এনে স্কুল সমুহক পুনৰ এটা সুযোগ দিয়াৰ আহ্বান জনাইছে। আনহাতে নিজে অধ্যয়ন কৰি থকা স্কুলখন বন্ধ হৈ যাব বুলি শুনি শিক্ষাৰ্থীসকলৰো মন সেমেকিছে।
উল্লেখ্য যে, ২০২২ বৰ্ষত মেট্রিকত শূন্য ফলাফল দেখুৱা ৰাজ্যৰ ১৬ খন জিলাৰ ৩৪ খন স্কুল বন্ধ কৰা হ’ব বুলি ঘোষণা কৰা হৈছে। এই তালিকাত অন্তর্ভুক্ত হৈছে লখিমপুৰৰ দুখনকৈ স্কুলৰ নাম। এই স্কুল দুখন হৈছে আজাদ আদৰ্শ বিদ্যাপীঠ আৰু শান্তি জ্যোতি হাইস্কুল। লক্ষ্যণীয় ভাবে ২০২২ বৰ্ষতহে স্কুল দুখনৰ মেট্রিকৰ ফলাফল শূন্য হয়।
আজাদ আদৰ্শ বিদ্যাপীঠৰ পৰা ২০২২ বৰ্ষত মেট্রিকত অৱৰ্তীণ হোৱা দুজন পৰীক্ষাৰ্থীৰ দুয়োজনেই অনুতীৰ্ণ হয়। ইয়াৰ বিপৰীতে ২০২০ বৰ্ষত ২১ জন পৰীক্ষাৰ্থীৰ ১৩ জন, ২০১৯ বৰ্ষত ৬ জনৰ ভিতৰত ৩ জন, ২০১৮ বৰ্ষত ১৬ জনৰ ৭ জন, ২০১৭ বৰ্ষত ৮ জনৰ ৩ জন আৰু ২০১৬ বৰ্ষত ৯ জন পৰীক্ষাৰ্থীৰ ভিতৰত ৭ জন উৰ্ত্তীণ হৈছিল।
শান্তিজ্যোতি হাইস্কুলৰ পৰা ২০২২ বৰ্ষত মেট্রিকত অৱৰ্তীণ হোৱা ১১ জন পৰীক্ষাৰ্থীৰ এজনো উতীৰ্ন নহল। তাৰ বিপৰীতে ২০২০ বৰ্ষত ১৩ জন পৰীক্ষাৰ্থীৰ ৫ জন, ২০১৯ বৰ্ষত ২২ জন পৰীক্ষাৰ্থীৰ ভিতৰত ৩ জন, ২০১৮ বৰ্ষত ২২ জন পৰীক্ষাৰ্থীৰ ভিতৰত ১২ জন, ২০১৭ বৰ্ষত ১৯ জন পৰীক্ষাৰ্থীৰ ভিতৰত ৬ জন আৰু ২০১৬ বৰ্ষত ১৩ জন পৰীক্ষাৰ্থীৰ ভিতৰত ৬ জন উতীৰ্ন হৈছিল। যোৱা ছয়বছৰৰ তথ্যত স্কুল কেইখনৰ ফলাফল কেৱল ২০২২ বৰ্ষত হে শূন্য হয়।
যাৰ বাবে বন্ধ কৰি দিয়া হব বুলি কৰা চৰকাৰী ঘোষণাত এই স্কুল দুখনৰ নামো অন্তর্ভুক্ত হয়। বন্ধ হবলগীয়া স্কুলৰ তালিকাত এই স্কুল দুখনো অন্তর্ভুক্ত হোৱাত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। একাংশ শিক্ষক তথা অভিভাৱকে এটা অন্তিম সুযোগ দিয়াৰ আহ্বান জনাইছে। বিশেষকৈ কৰোণাই ঠেকেচি শিক্ষা ব্যবস্থা মষিমূৰ কৰাৰ পাছত গা টঙাই উঠা শিক্ষা ব্যৱস্থা এবছৰতে পূৰ্বৰ অৱস্থালৈ অহাটো কঠিন। যাৰ বাবে পূৰ্বৰ দৰে বহু স্কুলে ভাল ফলাফল প্ৰদৰ্শন কৰা বা পূৰ্বৰ অৱস্থা ধৰি খোপনি ৰখাটো বিচ্যুতি ঘটে।
সেয়ে এবাৰৰ বাবে এনে স্কুলক সুযোগ এটা দিয়াৰ আহ্বান জনাইছে সচেতন ৰাইজে। আনহাতে বন্ধ হৈ পৰিব বুলি শুনি তেনে স্কুলৰ একাংশ শিক্ষাৰ্থী বিমৰ্ষ তথা হতাশ হৈ পৰিছে আৰু স্কুলখন বন্ধ কৰি নিদিবলৈ চৰকাৰক আহ্বান জনাইছে।