বৰ্তমান অসমৰ চুকে -কোনে থকা বিদ্যালয় বহিৰ্ভূত শিশুৰ সংখ্যা লাখতকৈও অধিক। এনে শিশু সকলক বিদ্যালয়মুখী কৰাৰ দায়িত্ব শিক্ষক সকলেই লব লাগিব। এই মন্তব্য অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক প্ৰধান ৰাতুল চন্দ্ৰ গোস্বামীৰ। পশ্চিম গুৱাহাটী মণ্ডল প্ৰাথমিক শিক্ষক সন্মিলনীৰ অলপতো আজাৰাৰ কেওটপাৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত ত্ৰয়োদশ দ্বি বাৰ্ষিক অধিবেশনৰ মুকলি সভাত অংশগ্ৰহন কৰি নিৰ্দিষ্ট বক্তাৰ ভাষণত প্ৰধান সম্পাদক গৰাকীয়ে আৰু কয় যে সকলো সংগঠনৰে সামাজিক দায়বদ্ধতা থাকিব লাগে। এনে দায়বদ্ধতা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে পূৰ্বৰে পৰা পালন কৰি আহিছে। বৰ্তমান ৰাজ্যিক সন্মিলনীৰ তৰফৰপৰা শিক্ষক হ’বলৈ শিক্ষা গ্ৰহণ কৰি থকা শিক্ষকৰ কন্যাক এককালীণ জলপানি দি থকাৰ কথা উল্লেখ কৰে। পশ্চিম গুৱাহাটী মণ্ডল প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি হৰেণ চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণিতে আদৰণি ভাষণ দিয়ে আদৰণি সমিতিৰ সভাপতি প্ৰদীপ কুমাৰ দাসে।সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি গুৱাহাটী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সৰ্বভাৰতীয় সদস্য কিশোৰ কুমাৰ দাস, গুৱাহাটী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সহ সম্পাদক অমল কুমাৰ শৰ্মা আৰু পশ্চিম গুৱাহাটী মণ্ডল প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰাক্তন সম্পাদক মনোৰঞ্জন ভট্টাচাৰ্যই নিমন্ত্ৰিত অতিথিৰ ভাষণত শিক্ষক সন্মিলনীৰ বিভিন্ন কাম-কাজৰ বিষয়ে উল্লেখ কৰে।
উক্ত মুকলি সভাতে পশ্চিম গুৱাহাটী মণ্ডল প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰপৰা ২৭ গৰাকী অৱসৰী শিক্ষকক গামোচা, গ্ৰন্থ, মানপত্ৰ আৰু প্ৰতীকী গঁড় আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰোপৰি তিনিগৰাকী মৃত শিক্ষকৰ পৰিয়ালকো সম্বৰ্ধনা জনোৱা হয়। মুকলি সভাতে পশ্চিম গুৱাহাটী মণ্ডল প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিভা সন্ধানী প্ৰতিযোগিতাত মণ্ডল আৰু কেন্দ্ৰ ভিত্তিত স্থান লাভ কৰা ছাত্ৰ -ছাত্ৰী সকলক গ্ৰন্থ, মানপত্ৰ আৰু নগদ ধন প্ৰদান কৰা হয়।
ইয়াৰ পূৰ্বে পুৱাৰ ভাগত সন্মিলনীৰ পতাকা উত্তোলন কৰে সভাপতি হৰেণ চন্দ্ৰ দাসে। ইয়াৰ পিছতে ক্ৰমে স্মৃতি তৰ্পণ আৰু বৃক্ষৰোপণ কৰে ক্ৰমে আদৰণি সমিতিৰ সভাপতি প্ৰদীপ কুমাৰ দাস, গাঁও প্ৰধান শৰৎচন্দ্ৰ দাস, ৰাজ্যিক সদস্য যুগল দাস আৰু গুৱাহাটী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপসভাপতি কমল চন্দ্ৰ গোস্বামীয়ে। দিনৰ ভাগত খগেন চন্দ্ৰ শৰ্মাই উদ্বোধন কৰা প্ৰতিনিধি আৰু বিষয় বাচনি সভাত আগন্তুক বৰ্ষৰ বাবে মণ্টু কুমাৰ মজুমদাৰক সভাপতি,কৃষ্ণ দাস,আনোৱাৰ হুছেইন, সবিতা মিশ্ৰ কলিতাক উপসভাপতি, দীপক কুমাৰ দাসক সম্পাদক, গোবিন্দ চন্দ্ৰ দলৈ, পবিত্ৰ কুমাৰ দাস,পল্লবী দাসক সহ সম্পাদক, বাবুল দাস,বিভা শৰ্মা, জয়ন্ত বৰদলৈক প্ৰচাৰ সম্পাদক ,ৰিংকু কলিতাক পত্ৰিকা সম্পাদক আৰু প্ৰাণধন কলিতাক কোষাধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয়।