মঙলবাৰ অর্থাৎ কাইলৈ ঘোষণা কৰা হ’ব মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল। পুৱা ১০ বজাত অনলাইনযোগে ঘোষণা কৰা হ’ব ফলাফলসমূহ। মুঠ ১৪টা ৱেবছাইট আৰু এটা মোবাইল এপত নিজৰ ৰোল আৰু নম্বৰটো বহুৱাই নিৰ্দিষ্ট স্থানত ক্লিক কৰিলেই লাভ কৰিব ফলাফল। ইয়াৰ উপৰি নিজ নিজ স্কুলটো পৰীক্ষাৰ্থীয়ে লাভ কৰিব ফলাফল। ৱেবছাইট আৰু মোবাইল এপৰ পৰা ডাউনলোড কৰিব পাৰিব মাৰ্কশ্বিট, চাৰ্টিফিকেটছ।
উল্লেখযোগ্য যে ক’ভিডৰ দুবছৰীয়া জটিল পৰিস্থিতি পাছত এইবাৰ অনুষ্ঠিত হৈছিল মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষা। এইবাৰ মুঠ ৪ লাখ ৩১ হাজাৰ ১৩২গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষাত। ফলাফল ঘোষণা কৰিবলৈ ছেবাই সম্পূৰ্ণ কৰিছে যাৱতীয় সকলো প্ৰস্তুতি। ৱেবছাইটসমূহ হৈছে- results.sebaonline.org, resultsassam.nic.in, www.indiaresults.com, www.results.shiksha, www.assam.shiksha, www.assamonline.in, exametc.com, www.schools9.com, https://iresults.net, asssamjobalerts.com, assamresults.in, necareer.com, www.jagaranjosh.com আৰু www.vidyavision.com।
লগতে SEBA Results, 2022 মোবাইল এপত উপলব্ধ হ’ব ফলাফল। উল্লেখ্য যে, ফলাফলক লৈ কোনো পৰীক্ষাৰ্থী সন্তুষ্ট নহলে পৰ্টেলযোগে আবেদন কৰিব পাৰিব। ১০ জুনত খুলি দিয়া হ’ব ছেবাৰ পৰ্টেল। উত্তৰ বহীৰ পুনৰীক্ষণৰ বাবেও আবেদন কৰিব পাৰিব। তিনিটাতকৈ অধিক বিষয়ত ফেইল কৰিলে আৰু ১৭০ নম্বৰ লাভ কৰিলে দিব পাৰিব compartmental পৰীক্ষা।