গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে গুৱাহাটীস্থিত অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তি পত্ৰত স্বাক্ষৰ প্ৰদান কৰি দুয়োখন প্ৰতিষ্ঠানৰ সৈতে এক সুদৃঢ় সহযোগিতা প্ৰতিষ্ঠা কৰিছেl মঙলবাৰে শৈক্ষিক বুজাবুজিৰ এই চুক্তিপত্ৰত স্বাক্ষৰ কৰে অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক ডঃ অশোক পুৰানিক আৰু গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক ড০ দীপাংকৰ সাহাই।
অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটী চৌহদত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকে জৈৱ ৰসায়ন বিভাগৰ মুৰব্বী অধ্যাপক ডঃ সুবাস চন্দ্ৰ গুপ্তা, ফাৰ্মক’লজি বিভাগৰ অধ্যাপক ড০ ফুলেন শৰ্মা, জি চি ইউৰ স্কুল অৱ ফাৰ্মাচীৰ ডীন অধ্যাপক ডঃ ভানু পি চাহু, প্ৰাকৃতিক বিজ্ঞান বিভাগৰ ডীন, অধ্যাপক ড০ সুনয়ন বৰদলৈকে ধৰি দুয়োখন প্ৰতিষ্ঠানৰ ভালে সংখ্যক অভ্যাগতইl বিশ্ববিদ্যালয়ে এই চুক্তি পত্ৰত স্বাক্ষৰ প্ৰদান কৰাৰ মূল লক্ষ্য হৈছে দুয়োখন প্ৰতিষ্ঠানে অন্ত: বিষয়ক ক্ষেত্ৰসমূহৰ বিশেষ বিভাগসমূহত যুটীয়াভাৱে গৱেষণা কাৰ্য সম্পন্ন কৰিব পৰাকৈ সম্ভাৱনা স্থাপন কৰাl এই সহযোগিতাৰ মুখ্য উদ্দেশ্য হৈছে পৰস্পৰে বিভিন্ন বিষয়ৰ গৱেষণা সম্পন্ন কৰিব পৰাকৈ সুযোগ লাভ কৰাl