লখিমপুৰত আজি সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ লখিমপুৰ জিলা সমিতিয়ে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্য্যসূচীত শিক্ষামন্ত্রী ৰণোজ পেগুৰ পত্নীক দুহেজাৰ টকাত ভাত ৰান্ধিবলৈ আহ্বান জনোৱাৰ লগতে তেওঁৰ মাননিটো হাজিৰা কৰি হলেও মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীয়েই দিব বুলি কৈ ক্ষোভ প্ৰকাশ কৰে।
উল্লেখ্য যে, লখিমপুৰ নগৰৰ খেলপথাৰত আজি মধ্যাহ্ন ভোজন কৰ্মচাৰীসকল সমবেত হৈ মধ্যাহ্ন ভোজন আচনি “পি এম পোষণ” ব্যক্তিগতকৰন বন্ধ কৰা, সাতমাহৰ অনাদায় আদায় দিয়া, মজুৰি আইন মতে ৰন্ধন কৰ্মীক মাননি দিয়া, বিদ্যালয় সংলগ্ন কৰাৰ নামত ৰাজহুৱা শিক্ষাৰ সংকোচন আৰু ৰন্ধন কৰ্মীক কৰ্মহীন কৰাৰ নীতি বাতিল কৰিবলৈ চৰকাৰক দাবী জনায়। কৰ্মৰ বিনিময়ত তেঁওলোকে পোৱা নূন্যতম মাননি বৃদ্ধি কৰিবলৈও দাবী জনায় আৰু এই মাননিৰে তেওঁলোক কেনেকৈ চলিব বুলি ক্ষোভ প্রকাশ কৰে।