গ্ৰামোন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ সম্ভাৱনা উদ্দেশ্য সৰোগত কৰি আজি নলবাৰী পলিটেকনিকত জনস্বাস্থ্য, অভিযান্ত্ৰিক, দক্ষতা বিকাশ, নিয়োগ আৰু উদ্যোগীকৰণ আৰু পৰ্যটনৰ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা মিছনৰ (#ASRLM) সহযোগত নলবাৰী জিলা প্ৰশাসনে আয়োজন কৰা ড্ৰোন অভিযান আৰু মেৰামতিৰ ওপৰত এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰে৷ বিভিন্ন আত্মসহায়ক গোটৰ প্ৰায় ৪০ গৰাকী মহিলাই এই ৬ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে।
এনে ধৰণৰ প্ৰচেষ্টা দেশৰ প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰথম বুলি বিবেচিত হৈছে। মহিলাৰ আত্মসহায়ক গোটৰ সদস্যসকলক ভূমি জৰীপ আৰু কৃষি কাৰ্যকলাপত ড্ৰোন প্ৰযুক্তি ব্যৱহাৰ কৰি গ্ৰাম্য অৰ্থনীতিক উন্নত কৰিবলৈ সক্ষম কৰাটোৱেই হৈছে এই প্ৰশিক্ষণ মূল উদ্দেশ্য হৈছে।
আজিৰ অনুষ্ঠানটোত অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা মিছনৰ মিছন সঞ্চালক, নলবাৰীৰ উপায়ুক্ত তথা ইণ্ডিয়ান ড্ৰোন একাডেমীৰ মুখ্য কাৰ্যবাহী বিষয়া উপস্থিত আছিল।