গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰ চাৰিআলিস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত অহা ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদ (নাক) ৰ সন্মিলিত দলে অলপতে তৃতীয়বাৰৰ বাবে মূল্যায়ন কৰে। উল্লেখনীয় যে ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদৰ সন্মিলিত দলটোৱে কাইলৈও মহাবিদ্যালয়খন পৰিদৰ্শন কৰিব। এই সন্দৰ্ভত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰাণা শৰ্মা আৰু মহাবিদ্যালয় খনৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ডঃ যশোধৰা মেধিয়ে জানিবলৈ দিয়া মতে ঝাৰখণ্ডৰ এ আই এছ ই চি টি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰমোদ কুমাৰ নাইক, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ আৰবিক আৰু আফ্ৰিকান অধ্যয়ন কেন্দ্ৰৰ অধ্যাপক ডঃ ৰীজৱানুৰ ৰহমান আৰু কৰ্ণাটকৰ শেষাড্ৰিপুৰম ফাৰ্ষ্ট গ্ৰেড কলেজৰ অধ্যক্ষ ডঃ এছ এন ভেংকটেশ নানজানগুড় ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদৰ সন্মিলিত দল হিচাপে উপস্থিত থাকিব।
সন্মিলিত দলটো বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত মহাবিদ্যালয়খনৰ পৰিয়ালে আদৰণি জনায়। নিশাটো মহানগৰীৰ ৰেডিচন ব্লু’ হোটেলত যাপন কৰি আজি পুৱাৰ ভাগত মহাবিদ্যালয়খনত উপস্থিত হৈ কেবাটাও বিভাগ, ছাত্ৰী নিবাস পৰিদৰ্শন কৰাৰ লগতে এলুমিনি সন্থা, অভিভাৱক, ছাত্র-ছাত্ৰী, ছাত্র সন্থা, পৰিচালনা সমিতি তথা অধ্যক্ষৰ সৈতে মতবিনিময় কৰে। সন্ধিয়া মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকলে পৰিৱেশন কৰা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰে।