অসমৰ ধেমাজি জিলাৰ জোনাইৰ পৰা মাত্ৰ ১০ কিঃমিঃ নিলগৰ অৰুণাচল প্ৰদেশৰ ইষ্ট চিয়াং জিলাৰ নিগলক গাঁওত ২০১৮ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা পাঠদান আৰম্ভ হোৱা ৰাজ্যখনৰ প্ৰথমখন সৈনিক স্কুলত অৱশেষত স্থাপনৰ চাৰি বছৰ পাছত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ (NCC) শাখা মুকলি কৰে হৈছে। এনচিচিৰ ডিব্ৰুগড় গ্ৰুপ কমাণ্ডাৰ কাৰ্যালয়ৰ অধীনস্থ অৰুণাচল প্ৰদেশৰ পাছিঘাটস্থিত ২২ এপি NCC বেটেলিয়ায়নৰ অধীনত নতুনকৈ খোলা জুনিয়ৰ ডিভিজনৰ শাখাটোত স্কুলৰ অধ্যয়ণৰত ১৫০ জন শিক্ষাৰ্থীক কেডেট হিচাপে ভৰ্ত্তি কৰোৱা হৈছে। আনহাতে ২৬ ছেপ্টেম্বৰ এই উপলক্ষে স্কুলখনৰ হাংপান দাদা কেডেট’ছ মেছত আয়োজিত এক অনুষ্ঠানত NCCৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান , মেজৰ জেনেৰেল ভাস্কৰ কলিতাই স্কুলৰ অধ্যক্ষ তথা ভাৰতীয় নৌ সেৱাৰ কমাণ্ডাৰ প্ৰবীণ কুমাৰ পলাক বাহিনীটোৰ বেনাৰ , স্মাৰক প্ৰদান কৰি শাখাটো মুকলি কৰা হৈছে বুলি ঘোষণা কৰে।
আনহাতে অধ্যক্ষ , কমাণ্ডাৰ প্ৰবীণ কুমাৰ পলাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত মেজৰ জেনেৰেল ভাস্কৰ কলিতাই স্কুলৰ শিক্ষাৰ্থী, অধ্যক্ষ, প্ৰশাসনিক বিষয়া, প্ৰশিক্ষক, সেনা বাহিনীৰ বিষয়া সকলোকে আদৰণি জনায় কয় মই আজিৰে সৈতে স্কুলখনলৈ তিনিবাৰ আহিছো। মই লিকাবালিত সেনাৰ জিঅচি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত স্কুলখনৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল আৰু আজি এনচিচিৰ শাখা স্থাপন কৰিবলৈ পাই সুখী অনুভৱ কৰা বুলি ব্যক্ত কৰি ভাস্কৰ কলিতাই কেডেট সকলৰ উজ্বল ভৱিষ্যত কামনা কৰে। অনুষ্ঠানত ইষ্ট চিয়াঙৰ বিধায়ক নিনং ইৰিং, ২২ এপি NCC বেটেলিয়ায়নৰ কমাণ্ডিং অফিচাৰ লেফটেনেণ্ট কৰ্ণেল এম এছ নিজাৰ, প্ৰশাসনিক বিষয়া লেফটেনেণ্ট কৰ্ণেল এম এছ আহুৱালীয়া, গুৱাহাটীস্থিত ৪৮ আসাম নেভেল এনচিচি ইউনিটৰ কমাণ্ডিং অফিচাৰ কমাণ্ডাৰ দেবানন্দ দলে, সৈনিক স্কুলখনৰ প্ৰশাসনিক বিষয়া স্কোৱাদ্ৰোণ লীডাৰ গৌৰৱ সেৰণ, অভিভাৱকৰ প্ৰতিনিধি ডঃ মৰে চনুকে ধৰি কেবাজনো বিশিষ্টা লোক উপস্থিত থাকে।