শিক্ষাৰ ক্ষেত্ৰত যে দৰিদ্ৰতা বাধা হ’ব নোৱাৰে সেয়া প্ৰমাণিত কৰি সদ্য সমাপ্ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখাতিৰে উৰ্ত্তীণ হোৱা সকলৰ মাজৰে তিনিগৰাকী মেধাবী ছাত্ৰ ছাত্ৰী— যোৰহাট জিলাৰ অম্লান বৰুৱা, কামৰূপ জিলাৰ প্ৰতীক্ষা দেৱান আৰু অংকুৰ সাউদক উত্তৰ পূব বৈদ্যুতিক শক্তি নিগম লিমিটেড চমুকৈ নীপকো অৱসৰী কৰ্মচাৰী কল্যাণ সন্থাৰ উদ্যোগত ৰবিবাৰে নীপকো ভৱন, গুৱাহাটীত অনুষ্ঠিত এখন সভাত বিশেষ ভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে আৰ্থিক অনুদান আগবঢ়োৱা হয়। সন্থাৰ সভাপতি মুকুন্দ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক অৰবিন্দ গগৈয়েঅাৰু আঁত সহকাৰী সাধাৰণ সম্পাদক অখিল চন্দ্ৰ গোস্বামীয়ে।
সভাত নীপকোৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী সঞ্চালিকা মৃদুলা দাসকে ধৰি কেবাজনো অৱসৰী বিষয়া আৰু সন্থাৰ কেবাজনো কৰ্মকৰ্তাই ভাষণ প্ৰসংগত মেধাৱী ছাত্ৰ – ছাত্ৰী সকলৰ উজ্বল শৈক্ষিক ভবিষ্যত কামনা কৰে আৰু আগলৈকে যাতে ইয়াতকৈ উন্নত প্ৰদৰ্শনৰে নিজৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰ বাবে পুনৰ অধ্যয়নত মনোনিবেশ কৰিবলৈ আহ্বান জনায়। সভাত সন্থাৰ কেবাগৰাকী কৰ্মকৰ্তা, সদস্যৰ উপৰিও মেধাবী ছাত্ৰ – ছাত্ৰী তিনিগৰাকীৰ অভিভাৱক সকল উপস্থিত থাকে।