আজি ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই (NTA) ৰাষ্ট্ৰীয় যোগ্যতা প্ৰৱেশ পৰীক্ষা (NEET ২০২২) ৰ ফলাফল মুকলি কৰিব। NTA অনুসূচী অনুসৰি, NEET UG ২০২২ৰ ফলাফল ৭ ছেপ্টেম্বৰত ইয়াৰ অফিচিয়েল ৱেবছাইট neet.nta.nic.inত মুকলি কৰা হ’ব।
NTAৰ তথ্য মতে, NEET UG ২০২২ৰ ফলাফল আজি দুপৰীয়া ১২ বজাত ঘোষণা কৰা হ’ব। তদুপৰি, এনইইটি চূড়ান্ত উত্তৰ কী এনইইটি ২০২২ ফলাফলৰ কেইঘণ্টামান আগতে মুকলি কৰা হ’ব। NEET চূড়ান্ত উত্তৰ কী পিডিএফ ফৰ্মেটত মুকলি কৰা হ’ব। এই বছৰ চিকিৎসা প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে অফিচিয়েল ৱেবছাইটৰ পৰা এনইইটি উত্তৰ কী আৰু এনইইটি ২০২২ ফলাফল পৰীক্ষা আৰু ডাউনলোড কৰিব পাৰিব। এনটিএয়ে এনইইটিৰ ফলাফলৰ সৈতে স্কোৰকাৰ্ডও মুকলি কৰিব।
এনইইটি পৰীক্ষা ১৭ জুলাই, ২০২২ তাৰিখে অনুষ্ঠিত হৈছিল আৰু পৰীক্ষাটোত ১৮ লাখতকৈও অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল।
এনইইটিৰ ফলাফল মুকলি হোৱাৰ পাছত, উত্তীৰ্ণ প্ৰাৰ্থীসকলে তেওঁলোকৰ নাম, ৰোল নম্বৰ, আবেদন নম্বৰ, ব্যক্তিগত বিৱৰণ যেনে প্ৰাৰ্থীৰ নাম, পিতৃৰ নাম, জন্ম তাৰিখ, ৰাষ্ট্ৰীয়তা, শ্ৰেণী, লিংগ, ঠিকনা, যোগাযোগ নম্বৰ, শতাংশ নম্বৰ, মুঠ নম্বৰ, বিষয় অনুসৰি নম্বৰ, এনইইটি অল ইণ্ডিয়া ৰেংক (এআইআৰ), যোগ্যতা অৰ্জনৰ স্থিতি, এআইআৰ ১৫ শতাংশ সৰ্বভাৰতীয় কোটা আসনৰ বাবে আৰু স্কোৰকাৰ্ডৰ পৰা কাট-অফ স্কোৰ পৰীক্ষা কৰিব লাগিব।