পশ্চিম গুৱাহাটীৰ আজাৰা কাঁহিকুছিস্থিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ (SIPRD) অধীনৰ সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰ (ETC) চৌহদত ৰাজ্যৰ পঞ্চায়ত সমূহক সৱলীকৰণৰ লক্ষৰে পঞ্চায়ত প্ৰতিনিধি আৰু বিষয়া সকলৰ দক্ষতা বিকাশৰ বাবে সময়ে সময়ে বিভাগীয়ভাবে বিভিন্ন প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰি অহা হৈছে। ইয়াৰ অংশ হিচাপে ৫ নৱেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈ এক ডেৰমহীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়।
প্ৰশিক্ষণ কাৰ্যসূচীত পঞ্চায়ত প্ৰতিনিধি আৰু বিষয়া সকলক বেটছ হিচাপত দুদিনকৈ গাঁও পঞ্চায়তৰ উন্নয়ন পৰিকল্পনাৰ ( জি পি ডি পি ২০২৩ – ২৪ ) সন্দৰ্ভত কামৰূপ, কামৰূপ মহানগৰ , মৰিগাঁও আৰু গোৱালপাৰা জিলাত প্ৰশিক্ষণ প্ৰদান কৰা হয়। তেনেদৰে গাঁও পঞ্চায়ত পৰিকল্পনা সহায়কাৰী দল ( জি পি পি এফ টি ) আৰু ৯ টা বিষয়ভিত্তিক ক্ষেত্ৰ দলত প্ৰশিক্ষণ প্ৰদান কৰা হয়।
আনহাতে প্ৰশিক্ষণ কাৰ্যসূচীত ETCৰ ফেকাল্টি সকলে প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে জিলা আৰু খণ্ড পৰ্যায়ৰ সমল ব্যক্তি সকলে প্ৰশিক্ষণ প্ৰদান কৰে। ETCৰ অধ্যক্ষা লালৰেম চিয়ামী গামলায়ে জানিবলৈ দিয়া মতে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ মূল লক্ষ্য হৈছে প্ৰশিক্ষণত ভাগ লোৱা প্ৰশিক্ষাৰ্থী সকলে যাতে নিজৰ নিজৰ গাঁও পঞ্চায়ত সমূহত ৰাইজক পোনপটীয়াকৈ সহায় কৰিব পাৰে।