শিৱসাগৰৰ ১নং টাউন প্ৰাথমিক বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশৰ ব্যতিক্ৰমী দৃশ্য। সন্তানৰ নামভৰ্তিৰ বাবে আবেদন পত্ৰ সংগ্ৰহ কৰিবলৈ দুদিন দিন–ৰাতি একাকাৰ কৰি প্ৰৱেশদ্বাৰৰ সন্মুখত অপেক্ষা কৰিলে অভিভাৱকসকলে। কোনেৱে পদপথতে আঁঠুৱা তৰি, কোনোৱে ধূপ জ্বলাই ম’হ খেদাই, আন কোনোৱে আকৌ গাড়ী বা ৰিক্সাতে শুই ৰাতিটো পাৰ কৰিলে।
উল্লেখ্য যে, ১৮৮২ চনত স্থাপিত ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ প্ৰথম শ্ৰেণীত আছে ৬০খন আসন। কিন্তু শ শ অভিভাৱকে সন্তানৰ নামভৰ্তিৰ বাবে আশা পুহি ৰাখিছে। ৰাজ্যত যি সময়ত ছাত্ৰ–ছাত্ৰীৰ অভাৱত বহু চৰকাৰী বিদ্যালয় বন্ধ হৈছে,সেই সময়তে শিৱসাগৰৰ ১নং টাউন প্ৰাথমিক বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ ব্যতিক্ৰমী আৰু আদৰ্শস্বৰূপ হৈ পৰিছে। উল্লেখযোগ্য যে, বিদ্যালয়খনৰ শিক্ষাগুৰুসকলে গঢ়ি তোলা সুন্দৰ শৈক্ষিক পৰিৱেশ, ছাত্ৰ–ছাত্ৰী সকলক সুন্দৰকৈ গঢ় দি আহিবলৈ সক্ষম হোৱা বাবেই বছৰি নামভৰ্তিৰ বাবে হেতা–ওপৰা লাগে।