আজি ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত পৰীক্ষা পে-চৰ্চা ২০২২ ৰ জৰিয়তে শিক্ষাৰ্থীৰ সৈতে বাৰ্তালাপ কৰে। পৰীক্ষাৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ ওপৰত গুৰুত্ব দি বিশেষকৈ ক’ভিড কালত যোৱা দুটা বছৰে ছাত্র-ছাত্ৰীৰ হোৱা অপূৰণীয় ক্ষতি পূৰ কৰাৰ ক্ষেত্ৰত বিভিন্ন দিহা-পৰামৰ্শৰে ছাত্র-ছাত্ৰীৰ উপযোগীকৈ বক্তব্য দান কৰে।
ভাৰত বৰ্ষৰ বিভিন্ন বিদ্যালয়ৰ লগতে অসমৰ চিৰাং জিলাৰ বাসুগাঁও চহৰত অৱস্থিত আগশাৰীৰ শিক্ষানুষ্ঠান গুৰুকূল নেচনেল স্কুলতো স্কুলৰ অধ্যক্ষ বিজিত নাথৰ তৎপৰতাত পৰীক্ষা পে-চৰ্চা কাৰ্য্যসুচী অনলাইনৰ জৰিয়তে অংশগ্ৰহণ কৰে। আজিৰ এই অনুষ্ঠানত গুৰুকূলৰ অধ্যক্ষৰ উপৰিও স্কুলৰ শিক্ষক সুশান উপাধ্যায়, চাংগ্ৰাং নাৰ্জাৰী, ৰজনী বসুমতাৰী, নিধি শৰ্মা, বিজয়া মজুমদাৰ, সংগীতা বসুমতাৰীৰ লগতে স্কুলৰ ছাত্র-ছাত্ৰী আৰু একাংশ অভিভাৱকেও উপস্থিত থাকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰীক্ষা পে চৰ্চা শুনে।