আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ অনুষ্ঠানত ওলাল অসমৰ হেমকোষৰ কথা। অলপতে হেমকোষৰ প্ৰথমটো ব্ৰেইলী সংস্কৰণ প্ৰদান কৰা হৈছিল প্ৰধানমন্ত্ৰী মোদীক। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত সাদিন–প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা হেমচন্দ্ৰ বৰুৱাৰ বংশধৰ জয়ন্ত বৰুৱাই প্ৰধানমন্ত্ৰীগৰাকীক অভিধানখনৰ ব্ৰেইলী সংস্কৰণ প্ৰদান কৰিছিল। ইয়াৰ গুৰুত্ব উপলব্ধি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হেমচন্দ্ৰ বৰুৱাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে আৰু ১৯ শতিকাত প্ৰকাশ কৰা হেমকোষ অভিধানৰ উল্লেখেৰে ব্ৰেইলী সংস্কৰণ প্ৰকাশ কাৰ্যক প্ৰশংসা কৰে।
মোদীয়ে কয়- ”কিছুদিনৰ পূৰ্বে মই হেমকোষৰ ব্ৰেইলী সংস্কৰণখন পাইছোঁ। হেমকোষ অসমীয়া ভাষাৰ আটাইতকৈ পুৰণি অভিধান। ১৯০০ চনতে এইখন সম্পাদনা কৰিছিল প্ৰখ্যাত ভাষাবিদ হেমচন্দ্ৰ বৰুৱাজীয়ে। মই এই সংবেদনশীল প্ৰয়াসৰ শলাগ লৈছোঁ।”
উল্লেখ্য, দৃষ্টিহীন লোকৰ প্ৰতি লক্ষ্য ৰাখি অভিধানখনৰ ব্ৰেইলী সংস্কৰণ প্ৰকাশ কৰি উলিওৱা হৈছে। প্ৰকাশকে উল্লেখ কৰা মতে, এয়া দক্ষিণ-পূব এছিয়াৰ প্ৰথমখন ব্ৰেইলী অভিধান।