দীৰ্ঘদিন ধৰি চলি থকা ৰাছিয়া-ইউক্ৰেইনৰ এই যুদ্ধই কেৱল ইউক্ৰেইনৰ জনতাৰ জীৱনেই দুৰ্বিসহ কৰা নাই, আন আন ক্ষেত্ৰতো সৃষ্টি কৰিছে কেৱল জটিলতা। বিশেষকৈ, ইউক্ৰেইনত দেশ-বিদেশৰো বহু শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানসমূহত জীৱন গঢ়াৰ পাঠ পঢ়িছিল।
বিশষকৈ ইউক্ৰেইনত মেডিকেলৰ শিক্ষাগ্ৰহণ কৰিবলৈ ঢাপলি মেলিছিল ভাৰতকে ধৰি এছিয়াৰ বিভিন্ন দেশৰ শিক্ষাৰ্থী। ইয়াৰ মূল কাৰণ আছিল শিক্ষা আহৰণৰ বাবে ইউক্ৰেইনত বহু বেছি ধনৰ প্ৰয়োজন নহৈছিল। কিন্তু শিক্ষা আদি আধাতে সামৰি ইউক্ৰেইনৰ পৰা পলাবলৈ বাধ্য হ’ল ভাৰতকে ধৰি অন্য়ান্য ৰাষ্ট্ৰৰ শিক্ষাৰ্থী তথা অন্যান্য ক্ষেত্ৰৰ লোক। আধৰুৱা শিক্ষাৰে এক অনিশ্চিত ভৱিষ্যত লৈ স্বদেশলৈ কোনোমতে প্ৰাণ বচাই ঘূৰি অহা এই শিক্ষাৰ্থী সকলৰ স্বপ্ন ভংগ হোৱাৰ পিছত হতাশাই দেখা দিছিল যদিও তেওঁলোকলৈ বৰ্তমান আহিছে এক ভাল খবৰ।
কূটনৈতিক কাৰণতেই হওক অথবা, ভাৰতৰ সৈতে থকা বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ বাবেই হওক ৰাছিয়াই ইউক্ৰেইন ফেৰত ভাৰতীয় শিক্ষাৰ্থীৰ বাবে আগবঢ়াইছে এক বিশেষ সুযোগ। ইচ্ছা কৰিলে এইসকল শিক্ষাৰ্থীয়ে ৰাছিয়াত সম্পূৰ্ণ কৰিব পাৰিব তেওঁলোকৰ শিক্ষা। ভাৰতস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰদূত ওলেগ আদিভে চেন্নাইত এই সম্পৰ্কে ঘোষণা কৰিছে।
এক অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কৈছে, -ইউক্ৰেইনৰ পৰা যি সকল ভাৰতীয় শিক্ষাৰ্থী আধৰুৱা শিক্ষাৰে উভতি আহিছে, তেওঁলোকক ৰাছিয়া শিক্ষা সম্পূৰ্ণ কৰাৰ সুযোগ দিবলৈ প্ৰস্তুত। ইউক্ৰেইন আৰু ৰাছিয়াৰ মেডিকেল পাঠ্যক্ৰম প্ৰায় একে। সেয়ে শিক্ষাৰ্থীসকলৰ অসুবিধা নহ’ব। তেওঁলোকে ৰাছিয়াত তেওঁলোকৰ অসমাপ্ত মেডিকেল পাঠ্যক্ৰম শেষ কৰিব পাৰিব।