গুৱাহাটীৰ জালুকবাৰীস্থিত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ে সংস্কৃত ভাৰতীৰ সহযোগত পাঁচদিনীয়া কাৰ্যসূচীৰে সংস্কৃত সপ্তাহ উদ্-যাপন কৰিছে। ২৭ আগষ্টৰ পৰা অনুষ্ঠিত এই কাৰ্যক্ৰমণিকাৰ অংশৰূপে মহাবিদ্যালয়ৰ অধ্যাপিকাসকলে জালুকবাৰীৰ সুন্দৰবড়ী উচ্চ বিদ্যালয়ত মহাবিদ্যালয় আৰু সংস্কৃতভাৰতীৰ উদ্যোগত সংস্কৃত সপ্তাহ পালন কৰে । উক্ত দিনা মহাবিদ্যালয়ৰ ধৰ্মশাস্ত্ৰবিভাগৰ অধ্যাপিকা ড: অৰুন্ধতী গোস্বামীয়ে সংস্কৃত ভাষাৰ অধ্যয়নৰ প্ৰাসংগিকতা সন্দৰ্ভত ছাত্ৰ-ছাত্ৰী সকলক অৱগত কৰে। ভাষণ প্ৰসংগত ডঃ গোস্বামীয়ে কয় যে, সংস্কৃত কোনো ধৰ্মবিশেষৰ ভাষা নহয়। আধুনিক বৈজ্ঞানিক সকলেও সংস্কৃতৰ গ্ৰন্থসমূহত থকা তত্ত্বসমূহ আধুনিক বিজ্ঞানৰ মূল বুলি ব্যক্ত কৰি আচাৰ্য জগদীশ চন্দ্ৰ বসুৱে কিদৰে সংস্কৃতৰ জ্ঞানৰ পৰা উদ্ভিদৰো যে প্ৰাণ আছে সেই কথা প্ৰমাণিত কৰে সেই কথা ব্যক্ত কৰে। বিদ্যালয়ৰ প্ৰধান শিক্ষক হিতেশ কলিতা তথা সংস্কৃত ভাৰতীৰ ৰাজ্যিক সম্পৰ্ক প্ৰমুখ অনিৰ্বান শৰ্মা উপস্থিত থকা উক্ত অনুষ্ঠানটোৰ আঁত ধৰে মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ নীলাক্ষি দেৱীয়ে।
মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে যোগপ্ৰদৰ্শন আৰু সংস্কৃত ভাষাত বিভিন্ন কাৰ্যক্ৰম পৰিৱেশন কৰা উক্ত অনুষ্ঠানত ন্যায় বিভাগৰ অধ্যাপিকা ডঃ উদিতা ভট্টাচাৰ্য্যই মহাবিদ্যালয়ত চলি থকা আৰু নতুনকৈ সংযোজিত বিভিন্ন পাঠ্যক্ৰম সমূহৰ বিষয়ে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে। বেদ বিভাগৰ অধ্যাপিকা ডঃ মৌচুমী গোস্বামীৰ শলাগ শৰাইৰ পিছত কল্যাণ মন্ত্ৰেৰে সেইদিনাৰ কাৰ্যসূচী সমাপ্ত হয়। পৰৱৰ্তী দিনাও তদনুৰূপ কাৰ্যসূচীৰে মহাবিদ্যালয়ৰ নিকটৱৰ্তী কেম্ব্ৰিজ পাব্লিক স্কুলত সংস্কৃত সপ্তাহৰ কাৰ্যসূচীৰ পালন কৰা হয়। উক্ত সভাত কেম্ব্ৰিজ পাব্লিক স্কুলৰ পৰিচালন সঞ্চালক হেমন্ত দাস, সংস্কৃত ভাৰতী অসম প্ৰান্তৰ সংগঠন মন্ত্ৰী ফণীন্দ্ৰ গৌতম তথা মহাবিদ্যালয়ৰ কেইবাগৰাকী অধ্যাপিকা উপস্থিত থাকে।উক্ত সভাত শ্ৰীযুত দাসে ছাত্ৰ-ছাত্ৰী সকলৰ মাজ প্ৰতি আগ্ৰহ বঢ়োৱা পোষকতা কৰে।সংস্কৃত সপ্তাহৰ অন্তিম কাৰ্যসূচী ৰূপে ৩১ আগষ্টৰ দিনা কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত অনু্ষ্ঠিত উক্ত অনুষ্ঠানত সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ অধ্যক্ষা ডঃ বিনীতা ভাগৱতীয়ে। উক্ত সভাতে মহাবিদ্যালয়ত সংস্কৃত দিৱস উপলক্ষে ছাত্ৰ একতা সভাৰ সাংস্কৃতিক বিভাগৰ তৰফৰ পৰা অনুষ্ঠিত কৰা গীতাৰ শ্লোকাবৃত্তি, সংস্কৃত গীত আৰু সংস্কৃত গীতত নৃত্য প্ৰতিযোগিতাৰ মানপত্ৰ আৰু বঁটা সমূহ প্ৰদান কৰা হয়।