শিক্ষা লাভৰ বাবে বয়সৰ কোনো সীমা নাথাকে আৰু জ্ঞান লাভৰো কোনো পৰিধি নাথাকে। সেই কথাটোৱেই যেন প্ৰমাণিত হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু অনলাইন শিক্ষা কেন্দ্ৰৰ পৰীক্ষা কেন্দ্ৰত। কেন্দ্ৰটোত মঙ্গলবাৰৰ পৰা আৰম্ভ হোৱা দূৰ আৰু অনলাইন শিক্ষা কেন্দ্ৰৰ অধীনৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ অসমীয়া বিষয়ত পৰীক্ষাত অৱত্তীৰ্ণ হ’বলৈ আহিছিল এগৰাকী ৮৪ বছৰ বয়সীয়া পৰীক্ষাৰ্থী। পৰীক্ষাৰ্থী গৰাকী উপস্থিত হোৱাৰ লগে লগে কেন্দ্ৰটোৰ সঞ্চালক ডঃ দেৱহৰি তালুকদাৰ আৰু সমূহ অধ্যাপক অধ্যাপিকাই পৰীক্ষাৰ্থী গৰাকীক এখন ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱাৰ লগতে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।
উল্লেখ্য যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডঃ শিখৰ কুমাৰ শৰ্মাৰ মাতৃ আৰু সৰুৰে পৰা মেধাৱী ছাত্ৰী হিচাপে পৰিচিত সৰোজিনী ভাগৱতী নামৰ পৰীক্ষাৰ্থী গৰাকীয়ে ইয়াৰ পূৰ্বে ৭১ বছৰ বয়সত ৰাজনীতি বিজ্ঞান বিষয়ত গুৱাহাটী বিশ্ববিদ্যাল়য়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। পৰীক্ষাৰ্থী গৰাকীৰ শাৰীৰিক অৱস্থা আৰু তেওঁ জনোৱা আবেদনৰ ভিত্তিত চিকিৎসকৰ পৰামৰ্শ অনুসৰি এক আছুতীয়া কক্ষত পৰীক্ষাৰ আসনৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে নলবাৰী জিলাৰ বৰনৰ্দীৰ বাসিন্দা সৰোজনী ভাগৱতীৰ পৰীক্ষা অহা ২৮ মাৰ্চত সামৰণি পৰিব।