• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

GPS-CCTV যোগে বিদ্যালয় কতৃপক্ষৰ কঠোৰ নিৰীক্ষণত চলিব স্কুলবাছ!

ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ স্বাৰ্থত কঠোৰ ব্যৱস্থা গ্ৰহণ পৰিবহণ বিভাগৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
July 27, 2022
in শিক্ষা, অসম, ৰাজনীতি, সংবাদ
1 min read
0
GPS-CCTV যোগে বিদ্যালয় কতৃপক্ষৰ কঠোৰ নিৰীক্ষণত চলিব স্কুলবাছ!
Share on FacebookShare on Twitter

এতিয়াৰে পৰা নিজৰ খেয়াল-খুচিমতে চলিব নোৱাৰিব স্কুলবাছ। ছাত্ৰছাত্ৰী কঢ়িওৱাৰ নামত অকতৃত্বশীলভাৱে ব্যৱহাৰ কৰিব নোৱাৰিব যিকোনো বাহন। বাছৰ সন্মুখ আৰু পিছফালে “স্কুল বাছ” বুলি সকলোৰে দৃশ্যমান হোৱাকৈ লিখা থাকিব লাগিব, যদিহে ভাড়াতীয়া বাছ হয় তেতিয়া “অন স্কুল ডিউটি” বুলি উল্লেখ থাকিব লাগিব৷ বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰী কঢ়িওৱা বাছত লিখা থাকিব লাগিব স্কুলৰ নাম, টেলিফোন নম্বৰ৷ প্ৰতিখন স্কুলবাছ হ’ব লাগিব হালধীয়া ৰঙৰ। বাছত থাকিব লাগিব চিচি টিভি, জিপিএচ ব্যৱস্থা। থাকিব লাগিব ফাষ্ট এইড বক্স, ফায়াৰ এষ্টিংগুইজাৰ ৷ স্কুলবাছৰ আসনৰ তলত স্কুলবেগ ৰাখিব পৰাকৈ সুবিধা কৰি দিব লাগিব, খিৰিকীত গ্ৰীল লগাব লাগিব ৷

তদুপৰি স্কুলবাছৰ চালকজনৰ গধুৰ যানবাহন চলোৱাৰ কমেও পাঁচ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। ৰেড লাইট অতিক্ৰম কৰাকে ধৰি মদ্যপান কৰি আৰু অনিয়ন্ত্ৰিত বেগত গাড়ী চলোৱা আদি বিভিন্ন অপৰাধত বছৰত দুবাৰকৈ চালান কৰা চালকক স্কুলবাছ চলোৱাত নিয়োগ কৰিব নোৱাৰিব। স্কুলবাছত চিচি টিভি জিপিএছ লগোৱাৰ লগতে কোনখন বাছ ক’লৈ যায়, ছাত্ৰ-ছাত্ৰীক ক’ত ক’ত উঠাব আৰু নমাব সেয়া স্কুল কতৃপক্ষই নিৰীক্ষণ কৰি থাকিব লাগিব। ছাত্ৰ-ছাত্ৰীক প্ৰয়োজনত শুস্ৰুষা কৰিব পৰাকৈ বাছত থাকিব লাগিব প্ৰশিক্ষণপ্ৰাপ্ত পৰিচাৰিকা থকাৰ উপৰিও প্ৰয়োজন সাপেক্ষে বাছত অভিভাৱক আৰু শিক্ষকো উঠিব পাৰিব।

দেশৰ মহামান্য উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে স্কুলবাছত অহা-যোৱা কৰা ছাত্ৰ-ছাত্ৰীসকলে সকলো সময়তে যাতে নিশ্চিত নিৰাপত্তা আৰু সুৰক্ষা লাভ কৰে সেই উদেশ্য জাৰি কৰা এই কঠোৰ নিৰ্দেশনা সন্দৰ্ভত আজি ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে মহানগৰ জিলাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ প্ৰধানসকলক সতৰ্ক আৰু সজাগ কৰি দিয়ে৷ বিদ্যালয়সমূহে যাতে অহা ৩১ জুলাইৰ ভিতৰত স্কুলবাছত সকলো সুৰক্ষা ব্যৱস্থা উন্নিতকৰন কৰি আগন্তুক ১ আগষ্টৰ পৰা ছাত্ৰছাত্ৰীক সম্পূৰ্ণ সুৰক্ষা দিয়াত মনোনিৱেশ কৰিব পাৰে তাৰ বাবে আহ্বান জনায়।

এই গুৰুত্বপূৰ্ণ নিৰ্দেশনাসমূহ উলংঘা কৰিলে ছাত্ৰছাত্ৰীৰ সুৰক্ষাৰ স্বাৰ্থত পৰিবহণ বিভাগে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ সকিয়াই দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে সমাজৰ সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগিতা বিচাৰি জনোৱা আহ্বানৰ কথা উল্লেখ কৰি তেওঁ কয় যে এইক্ষেত্ৰত শিক্ষক আৰু শিক্ষানুষ্ঠান সমূহৰ অৱদান হ’ব মনকৰিবলগীয়া। এই উপলক্ষে কামৰূপ মহানগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত সজাগতা অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰসন্ন বৰাই আদৰণি ভাষণ দিয়াৰ পিছতে অতিৰিক্ত উপায়ুক্ত ড° ধ্ৰুৱজ্যোতি হাজৰিকাই প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীকে নিজৰ সন্তান আৰু সম্পদ বুলি জ্ঞান কৰি তেওঁলোকৰ সুৰক্ষাৰ ব্যৱস্থাটো অন্তঃকৰণে অনুভৱ এই ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। এচিপি ড° অনুপ জ্যোতি বৰা, কৰ্ণেল বলজীত চাহালেও বিদ্যালয় সমূহে গ্ৰহণ কৰিবলগীয়া বিভিন্ন দিহা পৰামৰ্শ আগবঢ়োৱা সজাগতা অনুষ্ঠানটিত কামৰূপ মহানগৰ জিলাৰ যানবাহন পৰিদৰ্শক জয় সিং ৰংফাৰে তেওঁৰ কথা আৰু সুৰৰ এটি পথ সুৰক্ষামূলক গীত পৰিবেশন কৰি সকলোকে সুৰক্ষাৰ ক্ষেত্ৰত সজাগ কৰিবলৈ প্ৰয়াস কৰাৰ লগতে উচ্চতম ন্যায়ালয়ে জাৰি কৰা নিৰ্দেশনাসমূহ অডিঅ-ভিডিওযোগে বিদ্যালয়ৰ প্ৰধানসকলৰ মাজত উপস্থাপন কৰি সময়োচিত ব্যৱস্থা গ্ৰহণৰ বাবে সকলোকে হাতে কামে লাগিবলৈ আহ্বান জনায়৷

Previous Post

‘নামঘৰীয়া’ৰ স্ৰষ্টা বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামীৰ দেহাৱসান

Next Post

জঘন্য ঘটনাঃ ৪ দিন ধৰি কোঠাত আৱদ্ধ ৰাখি যুৱতীক নিৰ্যাতন

Related Posts

Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
অসম

আজি বিশ্ব এইডছ দিৱস

December 1, 2023
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
সংবাদ

ৰাণীত জিলা পৰ্যায়ৰ কৃষক প্ৰশিক্ষণৰ সামৰণি

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
Next Post
জঘন্য ঘটনাঃ ৪ দিন ধৰি কোঠাত আৱদ্ধ ৰাখি যুৱতীক নিৰ্যাতন

জঘন্য ঘটনাঃ ৪ দিন ধৰি কোঠাত আৱদ্ধ ৰাখি যুৱতীক নিৰ্যাতন

আজি পুনৰ EDৰ তলব কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক

আজি পুনৰ EDৰ তলব কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক

উজনিমুৱা ৰাজধানী এক্সপ্ৰেছত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

উজনিমুৱা ৰাজধানী এক্সপ্ৰেছত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8