গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত বিজ্ঞান আৰু প্ৰযুক্তিৰ উচ্চ অধ্যয়ন প্রতিষ্ঠান চমুকৈ IASSTৰ উদ্যোগত এখন জনপ্রিয় বিজ্ঞান ভিত্তিক চুটিগল্প লিখনিৰ কৰ্মশালা আজি অনুষ্ঠিত হয়। কর্মশালাখনৰ মূল উদ্দেশ্য আছিল প্রতিস্থানটোৰ কৰ্মৰত বিজ্ঞানী আৰু গবেষক ছাত্র-ছাত্রীসকলে তেওঁলোকৰ দ্বাৰা আবিস্কৃত তত্ত্বগধুৰ গবেষণাৰ পত্ৰ আৰু উদ্ভাৱন সমূহ স্থানীয় ভাষাৰ মাধ্যমেৰে সহজ সৰলভাৱে সৰ্ব্বসাধাৰণ মানুহে বুজি পোৱাকৈ লিখি উলিয়াব পৰা বিভিন্ন প্ৰণালী আৰু কৌশলগত প্ৰশিক্ষণৰ ব্যৱস্থা গ্রহণ।
কর্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থকা শিশু সাহিত্যৰ ২০১৪ চনৰ ৰাষ্ট্ৰীয় বঁটা প্রাপক অসমীয়া বিজ্ঞান সাহিত্যৰ জনপ্রিয় লিখক তথা বিজ্ঞানী ড° দিনেশ চন্দ্র গোস্বামীৰ লগতে আন এগৰাকী অসমীয়া সাহিত্যৰ লিখক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক ড° অৱনী কুমাৰ ভাগৱতীৰ ভাষণ আৰু অসমীয়া বিজ্ঞান সাহিত্যৰ জনপ্ৰিয় চুটিগল্পৰ প্ৰশিক্ষণৰ দ্বাৰা উপস্থিত গবেষক ছাত্র ছাত্রী তথা বৈজ্ঞানিকসকলক যথেষ্ট উপকৃত কৰে। অনুষ্ঠানত উপস্থিত থকা আন দুগৰাকী সমল ব্যক্তি যথাক্রমে অসম ট্ৰিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰশান্ত জ্যোতি বৰুৱা আৰু তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ দুৰসংযোগ আৰু সাংবাদিকতা বিভাগৰ অধ্যাপক ড’ অভিজিৎ বৰাই ইংৰাজী সাহিত্যৰ দ্বাৰা বিজ্ঞানৰ তত্বগধুৰ কথাসমূহ সহজ আৰু সাৱলীলভাৱে জনসাধাৰণৰ মাজত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত থকা বিভিন্ন কৌশল আৰু পদ্ধতিৰ বিষয়ে আগবঢ়োৱা ভাষণে উপস্থিত সকলক যথেষ্ট উপকৃত কৰে।
কর্মশালাখনত প্রতিষ্ঠানটোৰ সমূহ বৈজ্ঞানিক, গবেষক ছাত্র-ছাত্রী, বিষয়া, কৰ্মচাৰীৰ লগতে কটন, তেজপুৰ, গুৱাহাটী আৰু ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ কেইখনৰ ভালেসংখ্যক স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীৰ লগতে গৱেষক ছাত্র-ছাত্রী উপস্থিত থাকে। অনুষ্ঠানৰ শেষত কৰ্মশালাখনৰ অংশগ্ৰহণকাৰী সকলক ই চাৰ্টিফিকেট প্রদান কৰা হয়।