চৰকাৰে নিৰ্মাণ কৰা চাহ বাগিচাৰ বিদ্যালয়সমূহৰ প্ৰতিখনত আঠজনকৈ শিক্ষক নিযুক্তি দিয়া হ’ব, শিৱসাগৰ জিলাৰ আমগুৰিত চাহ বাগিচা আদৰ্শ বিদ্যালয় মুকলি কৰি এই কথা সদৰি কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
দীৰ্ঘদিন ধৰি বাগিচাত কৰ্মৰত শ্ৰমিকসকল প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছিল, উন্নয়ন, শিক্ষা, স্বাস্থ্যৰ কথা আহিলেই কেৱল কোম্পানীক দোষাৰূপ কৰা হৈছিল। কেৱল নিৰ্বাচনৰ সময়ত ভোটবেংক হিচাপে ব্যৱহাৰ কৰিছিল ৰাজনৈতিক দল সমূহে।” শিৱসাগৰ জিলাৰ আমগুৰিত আমগুৰি চাহ বাগিচা আৰ্দশ উচ্চ মাধ্যমিক বিদ্যালয় মুকিল কৰি ভাষণ প্ৰসংগত এই মন্তব্য কৰে শিক্ষা তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডা: ৰণোজ পেগুৱে।
চাহ বাগিচা অঞ্চলত মডেল হাইস্কুল স্থাপনৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন ৰাজ্য চৰকাৰে লোৱা সংকল্প অনুসৰি আজি যোৰহাট জিলাত ৬খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় উদ্বোধন কৰোঁ। 1/4 @himantabiswa pic.twitter.com/CserxQIYxX
— Ranoj Pegu (Modi Ka Parivar) (@ranojpeguassam) May 25, 2022
চাহবাগিচাৰ শিক্ষাৰ প্ৰসাৰৰ বাবে বৰ্তমানৰ চৰকাৰখনে প্ৰথম পৰ্য্যায়ত ১১৯ খন বিদ্যালয়ৰ ভিতৰত ৯৬ খন বিদ্যালয় মুকলি কৰে । আনহাতে মন্ত্ৰীগৰাকীক উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ পৰীক্ষা আৰু ছাত্র-ছাত্ৰী সকলৰ ভৱিষ্যত সম্পৰ্কে প্ৰশ্ন কৰাত তেওঁ কয় যে, ‘কাউঞ্চিল এটা স্বায়ত্ত শাসিত অনুষ্ঠান তাৰ এজন চেয়াৰমেন থাকে মই পোনপটীয়াকৈ তাৰ সৈতে জড়িত নহয়। এই সম্পৰ্কে মই খবৰ কৰিব লাগিব।’