• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গুৱাহাটী বিশ্ববিদ্যালয়ৰ NSS গোটৰ যুৱ সন্মিলনত ৰাজ্যপালৰ অংশগ্ৰহণ

নিউজ ডেস্ক by নিউজ ডেস্ক
June 28, 2022
in শিক্ষা, অসম, সংবাদ
1 min read
0
গুৱাহাটী বিশ্ববিদ্যালয়ৰ NSS গোটৰ যুৱ সন্মিলনত ৰাজ্যপালৰ অংশগ্ৰহণ
Share on FacebookShare on Twitter

গুৱাহাটী বিশ্ববিদ্যালয়ত কাউন্সিল ফৰ টিচাৰ এডুকেচন ফাউণ্ডেশ্যন (CTEF) আৰু বিশ্ববিদ্যালয়ৰ NSS কোষৰ উদ্যোগত অলপতে দিনজোৰা কাৰ্যসূচীৰে বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত “দেশ প্ৰথম : যুৱ আহ্বান কৰা” শীৰ্ষক এক যুৱ সন্মিলন সম্পন্ন হয়। সন্মিলনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসমৰ ৰাজ্যপাল আৰু বিশ্ববিদ্যালয়ৰ আচাৰ্য অধ্যাপক জগদীশ মুখিয়ে কয় যে যুৱক-যুৱতী দেশৰ নিৰ্মাতা আৰু আত্মনিৰ্ভৰ ভাৰত আঁচনিৰ জৰিয়তে যুৱক-যুৱতীসকল আত্মনিৰ্ভৰশীল হোৱাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব লাগে। দেশ গঠনৰ বাবে প্ৰতিজন যুৱকৰ দায়িত্ব অতি গুৰুত্বপূৰ্ণ আৰু ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণৰ বাবে NSSৰ স্বেচ্ছাসেৱক আৰু NCCৰ সদস্যসকলে আমাৰ সমাজত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা উচিত আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ উদ্ভাৱনমূলক ক্ষেত্ৰত গুৰুত্ব দিবলৈ আহ্বান জনায়।

আনহাতে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈয়ে ভাষণ প্ৰসংগত কয় যে যুৱক-যুৱতীসকল হৈছে আমাৰ দেশৰ ভৱিষ্যত আৰু যুৱক-যুৱতীয়ে জাতি গঠনত এক বৃহৎ ভূমিকা পালন কৰে আৰু দেশৰ বিকাশ আৰু প্ৰগতিৰ দিশত আগবাঢ়ি যোৱাত সহায় কৰে। অধ্যাপক সন্দিকৈয়ে NSSৰ স্বেচ্ছাসেৱক আৰু কাৰ্যসূচী বিষয়াসকলৰ সমাজ আৰু জাতিলৈ আগবঢ়োৱা অৱদানৰ শলাগ লয়। সন্মানীয় অতিথি হিচাপে নেৰামেকৰ পৰিচালন সঞ্চালক আৰু নেডফিৰ পৰামৰ্শদাতা মনোজ কুমাৰ দাসে এজন উদ্যোগী হোৱাৰ সম্ভাৱ্য সুবিধাসমূহ ব্যাখ্যা কৰাৰ লগতে NSSৰ স্বেচ্ছাসেৱকসকলৰ বাবে উপকাৰী হ’ব পৰা বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰে। আৰম্ভণিতে CTEFৰ অধ্যক্ষ অধ্যাপক নীলিমা ভাগবতীয়ে অতিথি আৰু অংশগ্ৰহণকাৰীসকলক আদৰণি জনাই কয় যে ছাত্ৰ সমাজৰ অধিক স্বাৰ্থৰ বাবে চিটিইএফে জ্ঞান ভিত্তিক কাৰ্যসূচীৰ ওপৰত কাম কৰি আহিছে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰকল্যাণ সঞ্চালক তথা NSSৰ কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে শলাগৰ শৰাই জ্ঞাপন কৰি এই সন্মিলনীৰ বাবে সকলোকে ধন্যবাদ জনায়। সন্মিলনত চাৰিজন সফল মনোজ কুমাৰ বসুমতাৰী, আকাশ জ্যোতি গগৈ, কৃষ্ণকান্ত বৰা, দেৱজিৎ বৰ্মনে সফল উদ্যোগী হ’বলৈ কেনেকুৱা গুণৰ অধিকাৰী হোৱাটো দৰকাৰ সেই বিষয়ে তেওঁলোকৰ সফলতাৰ কাহিনী ব্যাখ্যা কৰে। আনহাতে সন্মিলনত জাতি আৰু সমাজলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ৰাজ্যপালে NSSৰ কাৰ্যসূচী বিষয়া আৰু স্বেচ্ছাসেৱক সকলক বিশ্ববিদ্যালয় পৰ্যায়ৰ NSS বঁটা আৰু চেক প্ৰদান কৰে। যুৱ সন্মিলনখনত বিভিন্ন মহাবিদ্যালয়ৰ NSS বিষয়া , অধ্যক্ষ আৰু স্বেচ্ছাসেৱকসহ প্ৰায় তিনি শতাধিক প্ৰতিনিধি উপস্থিত থাকে।

Previous Post

প্ৰধানমন্ত্ৰীৰ ‘মন কি বাত’ত অংশগ্ৰহণ সাংসদ কুইন ওজাৰ

Next Post

মাইগ্লেমৰ POPXO SUNCARE মুকলি

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
Next Post
মাইগ্লেমৰ POPXO SUNCARE মুকলি

মাইগ্লেমৰ POPXO SUNCARE মুকলি

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

সাম্প্ৰদায়িক সংঘৰ্ষ! ৰাজস্থানত ১৪৪ ধাৰা জাৰি, বন্ধ ইণ্টাৰনেট সেৱা

সাম্প্ৰদায়িক সংঘৰ্ষ! ৰাজস্থানত ১৪৪ ধাৰা জাৰি, বন্ধ ইণ্টাৰনেট সেৱা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8