২০২৩ বৰ্ষত আপোনাৰ ঘৰত বা সম্বন্ধীয় নতুবা ওচৰ-চুবুৰীয়াৰ কোনোবা মেট্ৰিক পৰীক্ষা (HSLC Exam) দিবলগীয়া আছে নেকি? চিন্তা কৰিছে নেকি ফলাফল (result) কেনে হব? আৰু এনেকুৱা কোনোবা আছে নেকি যাৰ এতিয়াও পৰীক্ষাৰ কাৰণে কৰিব লগীয়া প্ৰস্তুতি সম্পূৰ্ণ হোৱা নাই।
তেন্তে ২০২৩ ত বহিব লগীয়া সকলো ছাত্র-ছাত্ৰীৰ কাৰণে এটি সুখবৰ আছে। “দি গ্রেট এক্সামছ্” (The Great Exams)নামৰ এটা প্ৰতিষ্ঠানে অসমৰ ছাত্ৰ- ছাত্ৰী তথা অভিভাৱক সকলক চিন্তা মুক্ত কৰিবলৈ অতি কম সময়ত, পৰীক্ষাৰ আগে আগে প্রস্তুতি শেষ হোৱাকৈ আৰু অতি কম খৰছত যাতে সকলো অভিভাৱকে নিজৰ লৰা- ছোৱালীক পঢ়াব পাৰে তাৰ কাৰণে এটা উন্নত শিক্ষণ পদ্ধতিৰে শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছে। তথা পৰীক্ষাত ১০০% যাতে উত্তীৰ্ণ হব পাৰে তাৰ বাবে TGE পদ্ধতিৰে প্ৰস্তুতি কৰা হৈছে। ২০২১ৰ বাহিৰে আগৰ আৰু পাছৰ মেট্ৰিকৰ ফলাফলত প্ৰায় ৩৫%ৰ পৰা ৪৩% অনুত্তীৰ্ণ হৈছিল যি প্ৰায় ১৫০০০০ ৰ পৰা ১৭৪০০০ মান ছাত্র ছাত্রী আছিল। সেয়েহে The Great Exams এ. এইবাৰ আগবাঢ়ি আহিছে ২০২৩ৰ ফলাফল ভাল কৰাবৰ কাৰণে। কাৰণ আজিৰ ছাত্ৰ ছাত্ৰী সকলে ভৱিষ্যতৰ অসম গঢ়িব।
এই The Great Exams প্ৰতিষ্ঠানৰ পাঠদান পদ্ধতি অনলাইন তথা ভিডিও স্ক্রীনিংৰ (online and video screening (method) মাধ্যমৰ যোগেদি হব। মাত্র ৪৯৯/- টকাত সকলো মূল পাঠ্যক্রমসমূহ ৩৫ দিনৰ ভিতৰত সম্পূৰ্ণকৈ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰি তুলিব, যি সকলে জানুৱাৰীৰ পৰা ২০ জানুৱাৰী ২০২৩ৰ ভিতৰত নাম ভৰ্ত্তি (registration) কৰিব www.thegreatexams in নামৰ ৱেবচাইটত গৈ৷ লগতে পৃথক এটা বিষয়লৈও পঢ়িব পৰা ব্যৱস্থা আছে মাত্ৰ ৩০০/- তে। তাৰ পিছত ২১ জানুৱাৰীত সকলো ছাত্র ছাত্রী ও নিজক পৰীক্ষণ কৰিব পৰা self assessment” টেষ্ট দিব লাগিব। এই পৰীক্ষাত সকলো গম পাব তেওঁলোক কিমান আগ বাঢ়ি আছে। ২১ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰী লৈকে এই পাঠ্যক্রম চলিব। ইয়াত অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমৰ কথাৰে বুজোৱা হয়। The Great Exams কতৃপক্ষই দাবী কৰিছে যে, যি সকল ছাত্র ছাত্রীৰ TGE ৰ পদ্ধতিৰ নিয়ম অনুসৰি প্ৰস্তুতি চলাৱ, তেওঁলোক অহা ২০২৩ ৰ মেট্ৰিক পৰীক্ষাত পাছ কৰাৰ উপৰিও ভাল ফলাফল কৰিব পাৰিব। যদি কোনো ঠাইৰ শিক্ষা প্রতিষ্ঠান অথবা প্রশিক্ষন কেন্দ্রই TGE ৰ লগত জড়িত হব বিচাৰে তেন্তে 8099957665 বা E-mail id: [email protected] ত যোগাযোগ কৰিব পাৰিব।