গুৱাহাটী বিশ্ববিদ্যালয় “স্নাতকোত্তৰ মহলাৰ প্ৰৱেশিকা পৰীক্ষা-২০২৩” ৰ শেষৰটো দিন আছিল আৰু পৰীক্ষাৰ সময়চোৱাত বিশ্ববিদ্যালয় চৌহদৰ বিভিন্ন স্থান অপৰিস্কাৰ হৈ পৰা পৰিলক্ষিত হয়। সেয়েহে মঙলবাৰে পৰীক্ষাৰ শেষত “মই প্ৰকৃতি-Gauhati University Eco Club”ৰ উদ্যোগত CLEAN GU MISSION ৰ অধীনত এই স্থানসমূহ পৰিস্কাৰ কৰি তোলাৰ বাবে এক স্বচ্ছতা কাৰ্যসূচী হাতত লোৱা হয়।
উল্লেখ্য যে ২০২০ চনত কোভিড মহামাৰিৰ সময়ত টুইটৰ মাধ্যম যোগে অসমত হোৱা এক ডাঙৰ আন্দোলন – Save Dehing Patkai এই ক্লাৱটোৰ নেতৃত্বতে হৈছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদটো পৰিষ্কাৰ কৰি ৰখাৰ বাবে ‘মই প্ৰকৃতি’ ৰ ফালৰ পৰা যোৱা বছৰ CLEAN GU MISSION ৰ আৰম্ভণি কৰা হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়খন এখন সম্পূৰ্ণ Eco – Friendly চৌহদ বনোৱাৰ বাবে ভৱিষ্যত দিনত কাম কৰি যোৱাৰ বাবে সকলো সদস্য প্ৰতিজ্ঞাবদ্ধ।