গুৱাহাটীৰ নাৰেঙ্গী সেনা কেন্টনমেণ্টৰ ব্ৰহ্মপুত্ৰ হলত আৰ্মী ইনষ্টিটিউট অফ নাৰ্ছিংঙৰ ( এ আই এন ) ২০১৭ বৰ্ষৰ দীক্ষান্ত সমাৰোহ ২৪ মে’ত অনুষ্ঠিত হৈ যায় । সমাৰোহত মুখ্য অতিথি হিচাপে ৫১ চাব এৰিয়াৰ জি অ চি মেজৰ জেনেৰেল বিকাশ চাইনী , সন্মানীয় অতিথি হিচাপে ডেপুটী জি অ চি ব্ৰিগেদিয়াৰ চামাৰ ইভান ডি কনাহ , ফাৰাহ চামাৰ ডি কনাহ , সেনাৰ ১৫১ বেছ হস্পিতালৰ কমাণ্ডেন্ট আৰু এ আই এনৰ সঞ্চালক ব্ৰিগেদিয়াৰ মেঠেওছ জেকবকে ধৰি কেবাজনো বিষয়া উপস্থিত থাকে । অনুষ্ঠানত বি এছ চি আৰু এম এছ চি নাৰ্ছিংঙত উত্তীৰ্ণ হোৱা ২১১ জন শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰা হয়।
অনুষ্ঠানত ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থী সকলক শপত গ্ৰহণ কৰোৱাই ১৫১ বেছ হস্পিতালৰ প্ৰিন্সিপাল মেট্ৰন কৰ্ণেল শ্ৰীকালা জি এছে । ইয়াৰ উপৰিও চুমু দিহিঙীয়াই প্ৰথম স্থান লাভ কৰি সোণৰ পদক লাভ কৰাৰ বিপৰীতে জানাতুল আহমেদে শ্ৰেষ্ঠ শিক্ষাৰ্থী বঁটাসহ ৰূপৰ পদক আৰু বিনীতা ৰয়ে তৃতীয় স্থান লাভ কৰি ব্ৰঞ্জৰ পদক লাভ কৰে । স্থান লাভ কৰা শিক্ষাৰ্থী সকলকো বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হয় ।