• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

চাহ বাগিচাত বিদ্যালয় আধাতে এৰা ল’ৰা-ছোৱালী নাথাকিবঃ পিযুষ হাজৰিকা

নিউজ ডেস্ক by নিউজ ডেস্ক
May 28, 2022
in শিক্ষা, অসম, ৰাজনীতি
1 min read
0
চাহ বাগিচাত বিদ্যালয় আধাতে এৰা ল’ৰা-ছোৱালী নাথাকিবঃ পিযুষ হাজৰিকা
Share on FacebookShare on Twitter

অসম চৰকাৰৰ মন্ত্ৰী পিযুষ হাজৰিকাই শুকুৰবাৰে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ চাহ বাগিচা অঞ্চলত নিৰ্মাণ কৰা তিনিখন বিদ্যালয় ক্ৰমে দক্ষিণহেঙ্গেৰা, ভূলুকিটিং আৰু শালমৰা চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় উদ্বোধন কৰে।দক্ষিণহেঙ্গেৰা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় উদ্বোধন কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ পৰা প্ৰায় দুবছৰ আগতে বিজেপি চৰকাৰৰ দিনতে অসমৰ চাহ বাগিচা অঞ্চলত ১১৯ খন বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছিল । ইয়াৰে ৯৬ খনৰ উদ্বোধন সম্পূৰ্ণ হ’ল আৰু ১৭ খন স্কুলৰ কাম সোনকালেই শেষ হ’ব।

Inaugurated the Model High School in Dakhinhengera Tea Garden,Khumtai in line with our HCM @himantabiswa sir’s pathbreaking initiative of transforming the educational environment across the tea gardens.
Hon’ble MP Shri @KamakhyaTasa & Hon’ble MLA Shri @Mrinal_MLA were present. pic.twitter.com/Al6FYeeBU3

— Pijush Hazarika (@Pijush_hazarika) May 27, 2022

তেওঁ কয় যে আধাৰশিলা স্থাপন কৰিবলৈ ভাল লাগে, কিন্তু নিজে আধাৰশিলা স্থাপন কৰা অনুষ্ঠানটো যদি উদ্বোধন কৰাৰ সুযোগ পোৱা যায় তাতকৈ সুখৰ কথা আন একো নাই।  বিদ্যালয় আধাতে এৰা ল’ৰা-ছোৱালী যিমান হ’ব সিমানেই সমাজখন অন্ধকাৰ হৈ গৈ থাকিব। এই বিদ্যালয়সমূহত বৃহৎসংখ্যক বিদ্যালয় আধাতে এৰা ল’ৰা-ছোৱালীয়ে নামভৰ্তি কৰিছে বুলি সন্তুষ্টি প্ৰকাশ কৰি কয় যে শিক্ষাৰ অবিহনে আমি একো কৰিব নোৱাৰোঁ, ছাইনবোৰ্ড এখন পঢ়িব নজনা মানুহে শুদ্ধ পথ কেনেকৈ উলিয়াব, পঢ়া-শুনা নাজানিলে খেতিয়ক এজনে কোনটো বীজ ভাল সেয়া কেনেকৈ নিৰ্ধাৰণ কৰিব, উপযুক্ত প্ৰশিক্ষণ নহ’লে দক্ষতাৰে কাম কেনেকৈ কৰিব।চৰকাৰে চাহ বাগিচা অঞ্চল আৰু চাহ জনগোষ্ঠীৰ লোকসকলক আগবঢ়াই নিয়াৰ বাবে অগ্ৰাধিকাৰ ভিত্তিত বহু আঁচনি গ্ৰহণ কৰাৰ লগতে বাগিচাত বিদ্যালয় আধাতে এৰা ল’ৰা-ছোৱালী নথকাটো সুনিশ্চিত ক ৰা হ’ব বুলি তেওঁ কয় । তেওঁ লগতে কয় যে অসমৰ বাগিচা অঞ্চলত আৰু ২০০ খন নতুন বিদ্যালয় স্থাপন কৰা হ’ব।

তিনিওটা অনুষ্ঠানতে মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থকা সাংসদ কামাখ্যা প্ৰসাদ তাছাই কয় যে এইসমূহ বিদ্যালয় কেৱল চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীৰ বাবেই নহয়, সকলো ল’ৰা-ছোৱালীৰ বাবেই মুকলি আছে। ব্ৰিটিছৰ সময়ৰ পৰাই চাহ বাগিচা অঞ্চলত কোনো হাইস্কুল নাছিল বুলি উল্লেখ কৰি তেওঁ কয় যে এইসমূহ বিদ্যালয়ে অঞ্চলটোৰ ল’ৰা-ছোৱালীক মানুহ কৰাৰ গুৰুদায়িত্ব পালন কৰিব।

Previous Post

নগা পতাকা নগাসকলৰ ৰাজনৈতিক পৰিচয়ৰ প্ৰতীকঃ NSCN (IM)

Next Post

‘বুম্বা ৰাইড’ ছবিৰ প্ৰযোজক লুইত কুমাৰ বৰ্মনলৈ GMCৰ জাননী

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
‘বুম্বা ৰাইড’ ছবিৰ প্ৰযোজক লুইত কুমাৰ বৰ্মনলৈ GMCৰ জাননী

‘বুম্বা ৰাইড’ ছবিৰ প্ৰযোজক লুইত কুমাৰ বৰ্মনলৈ GMCৰ জাননী

আলফাক কিয় ক্ষমা খুজিছিল! সঞ্জয় কিষাণলৈ মুখ্যমন্ত্ৰীৰ শ্ব’কজ

আলফাক কিয় ক্ষমা খুজিছিল! সঞ্জয় কিষাণলৈ মুখ্যমন্ত্ৰীৰ শ্ব’কজ

এয়া ষড়যন্ত্ৰ : হাতীগাঁৱত দলবদ্ধ ধৰ্ষণৰ অভিযুক্তই কলে এই কথা

মহানগৰীত উন্মত্ত যুৱকৰ দাৰ ঘাপত দুজনৰ ছিঙিল হাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8