আজি ১৪ নৱেম্বৰ। দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন। পণ্ডিত জৱাহৰলাল নেহৰুৱে অনুধাৱন কৰিছিল এখন দেশৰ সুস্থ আৰু সুৰক্ষিত ভৱিষ্যতৰ ক্ষেত্ৰত শিশুসকলৰ ভূমিকা অপাৰ। তেওঁ শিশু সকলৰ মাজত ‘নেহৰু চাচা‘ ৰূপে জনপ্ৰিয় আছিল। আৰু সেয়েহে জৱাহৰলাল নেহৰুৰ জন্মদিনটো অৰ্থাৎ ১৪ নৱেম্বৰৰ দিনটো শিশু দিৱস ৰূপে দেশত পালন কৰা হয়।
শিশু সকলৰ এই বিশেষ দিনটো উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয় সমূহত অনুষ্ঠিত কৰা হৈছে শিশু দিৱসৰ কাৰ্যসূচী। নৃত্য-গীত, চিত্ৰাংকন প্ৰতিযোগিতা আদিৰ মাজৰে আজিৰ দিনটো উদযাপন কৰা হ’ব শিক্ষানুষ্ঠানসমূহত ।