অসম ডন বস্কো বিশ্ববিদ্যালয়ত অহা ৯ আৰু ১০ এপ্ৰিল, ২০২৪ তাৰিখে উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ বিদ্যালয়সমূহৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে “উদ্ভাৱন, ৰূপাঙ্কণ, আৰু উদ্যোমিতা” [Innovation, Design, and Entrepreneurship (IDE)] শীৰ্ষক এক প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে। এই শিবিৰটো অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ টেপেচিয়া প্ৰাংগণত অনুষ্ঠিত হ’ব। এই শিবিৰটো সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ (এআইচিটিই), শিক্ষা মন্ত্ৰালয়ৰ উদ্ভাৱন কোষ (এমআইচি) কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড (চিবিএছই) আৰু ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এনচিইআৰটি)ৰ যৌথ পদক্ষেপত আয়োজন কৰা হৈছে । মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কল্পনা কৰা এই পদক্ষেপৰ লক্ষ্য হৈছে মাধ্যমিক শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ উদ্ভাৱক আৰু উদ্ভাৱন ৰাষ্ট্ৰদূতসকলৰ উদ্ভাৱন, ৰূপাঙ্কণ, আৰু উদ্যোমিতাৰ দক্ষতাক প্ৰশিক্ষণৰ জৰিয়তে আগুৱাই লৈ যোৱা।
দুদিনীয়া আৱাসিক এই প্ৰশিক্ষণ শিবিৰত স্কুল ইনোভেচন কাউন্সিল / কনটেষ্ট, জুনিয়ৰ হেকাথন, এ টি এল ইনোভেচন চেলেঞ্জ আৰু পি এম এছ এইচ আৰ আই স্কুলৰ অধীনত শিক্ষকসকলৰ উৎসাহী অংশগ্ৰহণকাৰীসকলে ৰূপাঙ্কণৰ চিন্তাধাৰা, ব্যৱসায়ৰ ওপৰত এক অভিজ্ঞতাভিত্তিক শিক্ষণ গ্ৰহণ কৰিব। সমগ্ৰ উত্তৰ পূৰ্ব্বাঞ্চলৰ প্ৰায় ২০০ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।