বৃত্তিমুখী পাঠ্যক্ৰমৰ জৰিয়তে কৰ্ম সংস্থাপনৰ পথ মুকলি কৰাৰ লক্ষ্যৰে নেচনেল ইনষ্টিটিউট অব্ ফায়াৰ এণ্ড ছেফটি ইঞ্জিনীয়াৰিং গুৱাহাটীয়ে নতুন শিক্ষাবৰ্ষৰ বাবে ছাত্ৰ-ছাত্ৰীৰ পৰা আবেদন বিচাৰিছে। অনলাইন পাঠ্যগ্ৰহণৰ সুবিধা থকা এই প্ৰতিষ্ঠানটোত মুখ্যত এজন সুৰক্ষা বিষয়া হবলৈ কেনেদৰে প্ৰস্তুতি চলোৱা প্ৰয়োজন, সেই সন্দৰ্ভত শিক্ষা প্ৰদান কৰা হয়। ছেফটি অফিচাৰজনৰ কাম হৈছে এটা ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ইণ্ডাষ্ট্ৰিয়েল ছেফটি মেনেজমেণ্ট ছিষ্টেম পৰিচালনা কৰা। পাঠ্যক্ৰম সমূহ হল – হেল্থ ছেফটি এনভাইৰেণ্ট আৰু ইণ্ডাচষ্ট্ৰিয়েল ছেফটিত তিনিবছৰীয়া ডিগ্ৰী, ফায়াৰ ছেফটি হেল্থ ছেফটি এনভাইৰেনমেণ্ট এবছৰীয়া পষ্ট গেজুৱেট ডিপ্লমা, ছেফটি মেনেজমেণ্ট দুবছৰীয়া এম.বি.এৰ ডিগ্ৰী আৰু ফায়াৰ ছেফটি আৰু হেল্থ ছেফটি এনভাইৰেনমেণ্টত দুবছৰীয়া ডিপ্লমা।
বৰ্তমান অন্নমলাই বিশ্ববিদ্যালয়ৰ অধীনত শিক্ষাদান কৰি অহা প্ৰতিষ্ঠানটোৰ পাঠ্যক্ৰম AICTC, UGC, DEB আৰু ভাৰত মানৱ সম্পদ উন্নয়ণ দপ্তৰ, নতুন দিল্লীৰ অনুমোদিত।