বিগত বৰ্ষৰ দৰে এইবেলিও পাণ্ডু সদিলাপুৰস্থিত পশ্চিম গুৱাহাটী জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস বিদ্যালয় উদযাপন কৰা হয় ৷ পাণ্ডু সদিলাপুৰৰ স্থানীয় ৰাইজ, শিক্ষক – শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ উপস্থিতিত বিদ্যালয়ৰ পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পৰিচালনা সমিতিৰ সভাপতি বসন্ত কুমাৰ দাসে।
বিদ্যালয়ৰ নৱ নিৰ্মিত স্থায়ী ভৱনৰ (মণিদীপা ভৱন) দ্বাৰ মুকলি কৰে স্থানীয় অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী কুন্তী বালা দাসে। আনহাতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন নৃত্য -গীত পৰিবেশন কৰে। অনুষ্ঠানত শিক্ষাকে ধৰি সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়াই অহা ড° অমল দত্ত পাটগিৰী , ড° পুলকানন্দ দত্তবৰুৱা, অভিজিত শৰ্মা বৰুৱা আৰু দিগন্ত হাজৰিকাক সম্বৰ্দ্ধনা জনোৱা হয়। চমু ভাষণত আটাইকেইজনে শিক্ষাৰ্থী সকলক দিহা পৰামৰ্শ দিয়াৰ উপৰিও বিদ্যালয়ৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে ৷