শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ, সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা, গড়গাঁও মহাবিদ্যালয় আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত বহনক্ষম চাহ খেতি আৰু সামৰ্থ্য বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক কৰ্মশালাৰ আয়োজন কৰে। কৰ্মশালাখন উদ্বোধন কৰি গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ ড০ সব্যসাচী মহন্তই অসমৰ অৰ্থনীতি অন্যতম ভেটি চাহ উদ্যোগৰ গুৰুত্বপূৰ্ণ দিশসমূহৰ ওপৰত আলোকপাত কৰে৷ ইয়াৰ পিছতে আদৰণি ভাষণ প্ৰদান কৰে বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক অনিল তাঁতীয়ে৷ অনুষ্ঠানত বিশিষ্ট ব্যক্তি ৰূপে অংশগ্ৰহণ কৰি যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ গৌতম শইকীয়াই উন্নত বজাৰ মূল্য নিশ্চিত কৰিবলৈ কৌশলগত পদক্ষেপ হিচাপে চাহপাতৰ গুণাগুণ বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব কৰে৷
শিৱসাগৰৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞ ড০ অৰুন্ধতী বৰদলৈয়ে কৰ্মশালাত ভাষণ প্ৰদান কৰি চাহ উৎপাদন বৃদ্ধিৰ বাবে মাটিৰ গুণাগুণ উন্নত কৰাৰ প্ৰয়োজনীয়তা ওপৰত গুৰুত্ব দি কয় যে মাটিৰ গুণাগুণে চাহ খেতিৰ সামগ্ৰিক বহনক্ষমতাৰ বৃদ্ধিত যথেষ্ট সহায় কৰে৷ বাণিজ্য বিভাগৰ সহকাৰী অধ্যাপক গৌতম হাজৰিকাই আঁত ধৰা অনুষ্ঠানত বাণিজ্য বিভাগৰ সহ: অধ্যাপক ড° মেঘালী বৰা, নমামী দত্ত, ড° মিন্টু গগৈ আৰু ড° নাজৰীন পাৰবীন আলীকে প্ৰমুখ্য কৰি মহাবিদ্যালয়খনৰ যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে৷ কৰ্মশালাত শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলৰ বহু ক্ষুদ্ৰ চাহ খেতিয়কে অংশগ্ৰহণ কৰি চাহখেতিৰ বহনক্ষম উন্নয়নৰ বাবে ল’ব পৰা পদ্ধতিৰ ওপৰত মতামত আগবঢ়ায়৷ ‘CISTA’ৰ অচ্যুত প্ৰসাদ গগৈ, সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সাধাৰণ সম্পাদক ৰাজেশ কুমাৰ দত্ত আৰু ‘AASTGA’ৰ সদস্য কৰুণা মহন্ত, ৰাজেশ কুমাৰ দত্ত, ৰঞ্জিত বৰা, কৃষ্ণা এছ হাজৰিকাই উপস্থিতিয়ে কৰ্মশালাখনৰ গভীৰতা বৃদ্ধি কৰে। ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ উৎকৰ্ষ সাধনৰ বাবে অনুষ্ঠিত কৰ্মশালাখনে অঞ্চলটোৰ ক্ষুদ্ৰ চাহ খেতিয়কসকললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷