ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস হিচাপে ৭ জুন, ২০২৩ তাৰিখে পালন কৰা হয়। শিক্ষক প্ৰশিক্ষাৰ্থীসকলৰ মাজত মূল বিষয়বস্তু “খাদ্যৰ মানে আপোনাৰ জীৱন ৰক্ষা কৰিব” ৰ ওপৰত সমল ব্যক্তি হিচাপে বিজ্ঞান বিষয়ৰ প্ৰবক্তা মৃত্যুঞ্জয় দাসগুপ্তদেৱে বিভিন্ন ধৰণৰ খাদ্যত নিহিত হৈ থকা গুণাগুণ সমূহৰ বিষয়ে আলোকপাত কৰে। তেওঁ প্ৰশিক্ষাৰ্থীসকলক কোন সময়ত সঠিক খাদ্য গ্ৰহণ কৰিব লাগে, কি ভাৱে খাদ্য সংৰক্ষণ আৰু কেনেধৰণে খাদ্য প্ৰস্তুত কৰিব লাগে– তাৰ ওপৰত বক্তৃতা দিয়ে। এক সুৰক্ষিত আৰু স্বাস্থ্যকৰ খাদ্যাভাসে আমাৰ সু-স্বাস্থ্য ৰক্ষা কৰাত সহায় কৰে। য’ত মানসিক স্বাস্থ্য আৰু শাৰীৰিক স্বাস্থ্য জড়িত হৈ থাকে।
আনহাতে, গ্ৰাহক হিচাপে শিক্ষাৰ্থীসকলে নিকটৱৰ্তী দোকান সমূহত এফ.এছ.এছ.এ.আই (FSSAI) য়ে নিৰ্ধাৰিত সামগ্ৰী সমূহ পৰীক্ষা কৰি চায়। সমল ব্যক্তিগৰাকীয়ে গ্ৰাহকৰ খাদ্য সুৰক্ষা কৰাত চৰকাৰ, উদ্যোগ, উৎপাদক সকলৰ কেনেধৰণৰ ভূমিকা ল’ব পাৰে বা লৈ আছে – তাৰো আভাস দিয়ে। শেষত, প্ৰশিক্ষাৰ্থীসকলক ক্ষতিকাৰক জীৱানু আৰু দূষিত পদাৰ্থৰ পৰা খাদ্যসমূহ নিজে বা অন্য ব্যক্তিসমূহে গ্ৰহণ কৰাৰ আগতে সজাগ হোৱাৰ বাবে আহ্বান জনায়, যাতে প্ৰত্যেকে জীৱনবোৰ সুন্দৰ ভাৱে উপভোগ কৰিব পাৰে।