অসম চৰকাৰৰ বিভিন্ন বিভাগৰ খালী পদ পূৰণৰ অৰ্থে কটকটীয়া নিৰাপত্তাৰ মাজত ২১ আগষ্টত চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হৈ যায়। কাইলৈ অৰ্থাৎ ২৮ আগষ্টত অনুষ্ঠিত হ’ব তৃতীয় বৰ্গৰ পদৰ বাবে অনুষ্ঠিত হ’ব লিখিত পৰীক্ষা।
ৰাজ্যৰ মুঠ ১২৫৮ টা কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া এই পৰীক্ষা সন্দৰ্ভত ৰাজ্য চৰকাৰে জাৰি কৰিছে SOP। SOP অনুসৰি পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ সম্পূৰ্ণ দায়িত্ব থাকিব জিলা উপায়ুক্তৰ ওপৰত।
তদুপৰি পৰীক্ষা গৃহত প্ৰৱেশ কৰাৰ অনুমতি নিম্নলিখিত ব্যক্তিসকলকহে দিয়া হ’ব:
ক) বৈধ প্ৰৱেশ পত্ৰ থকা প্ৰাৰ্থীসকল।
খ) উপায়ুক্ত বা তেওঁৰ ডেপুটেটেড বিষয়াৰ দ্বাৰা জাৰী কৰা সঠিক প্ৰমাণপত্ৰৰ সৈতে শাৰীৰিক অক্ষমতা থকা প্ৰাৰ্থীৰ লিপিকাৰ।
গ) প্ৰতিষ্ঠানটোৰ মুৰব্বী, ভাৰপ্ৰাপ্ত বিষয়া, তত্বাৱধান বিষয়া, ইনভিজিলেটৰ, গ্ৰেড-3 আৰু গ্ৰেড-4 কৰ্মচাৰী আদিৰ দৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে নিযুক্ত বিষয়াসকল।
ঘ) উপায়ুক্ত/চৰকাৰৰ যিকোনো কৰ্তৃত্বপ্ৰাপ্ত ব্যক্তি, বিদ্যালয় পৰিদৰ্শক আৰু SEBAৰ আঞ্চলিক কাৰ্যালয়ৰ সচিব।
উল্লেখ্য যে, ২৬ পদৰ বাবে ১৪ লাখ ৩০ হাজাৰ ৩৩৮ জন প্ৰাৰ্থীয়ে আৱেদন কৰিছে। এই ২৬ হাজাৰ পদত মুঠ ৪৮ টা বিভাগৰ বিভিন্ন খালী পদ অন্তৰ্ভুক্ত হৈ আছে। ২১ আগষ্টত অনুষ্ঠিত হোৱা চতুৰ্থবৰ্গৰ পদৰ লিখিত পৰীক্ষাৰ ভিতৰত অষ্টম শ্ৰেণী উত্তীৰ্ণসকলৰ বাবে পুৱা ১০ বজাৰ পৰা দিনৰ ১২ বজালৈ আৰু দশম শ্ৰেণী উত্তীৰ্ণসকলৰ বাবে দিনৰ ২ বজাৰ পৰা ৪ বজালৈ অনুষ্ঠিত হয়।
একেদৰে তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ’ব ২৮ আগষ্টত। দ্বাদশ শ্ৰেণী উত্তীৰ্ণসকলৰ বাবে এই পৰীক্ষা ১০ বজাৰ পৰা ১২ বজাৰ ভিতৰত আৰু স্নাতক উত্তীৰ্ণসকলৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’ব দিনৰ ২ বজাৰ পৰা ৪ বজাৰ ভিতৰত।