Site icon Headline8

সমগ্ৰ ৰাজ্যতেই সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজালৈ সান্ধ্য আইন জাৰি

২৬ জুন, গুৱাহাটী – আজিৰে পৰা ৰাজ্যত সন্ধিয়া ৭ বজাৰ পৰা কাইলৈ পুৱা ৭ বজালৈ সান্ধ্য আইন জাৰি কৰিছে ৰাজ্য চৰকাৰে। উল্লেখ্য ইয়াৰ পূৰ্বে সান্ধ্য আইন কিছু শিথিল কৰি নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছিল। ইতিমধ্যে সান্ধ্য আইন কঠোৰভাৱে পালন কৰিবলৈ প্ৰশাসনক নিৰ্দেশ জাৰি কৰিছে ৰাজ্য চৰকাৰে।

আজি এক সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পোৱা ক’ৰোনা আক্ৰান্তই পুনৰ লক ডাউনৰ পৰ্যায়লৈ লৈ গ’ল ৰাজ্যখনক। ক’ৰোনাৰ এই শৃংখল ভংগ কৰিবৰ বাবেই কঠোৰ লকডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ। সন্ধ্যা প্ৰায় ৫ বজাতেই সকলো দোকান-পোহাৰ বন্ধ কৰাৰ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰা অনুসৰি লকডাউন শিথিল হোৱাৰ পাছতে একাংশ লোকে কোনোধৰণৰ সামাজিক দূৰত্বকে ধৰি মাস্ক নিপিন্ধাকৈ ঘূৰি ফুৰিছিল। কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলায়নো কৰিছিল একাংশ কভিড আক্ৰান্ত ৰোগী। সামাজিক সংক্ৰমণ ৰোধ কৰাৰ বাবে কঠোৰ হৈছে ৰাজ্য চৰকাৰ। সকলোকে লক ডাউনত ঘৰতে আৱদ্ধ কৰি ৰাখিবলৈও আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে।

Exit mobile version