আজি দিনৰ ভাগত আগুন্তক ৰাস উদযাপন স্থলিত ৰাস মহোৎসৱৰ লাইখুটা স্থাপন কৰা হয় ।
গুৱাহাটীৰ গড়চুকৰ কাষৰীয়া মইনাখোৰোংস্থিত খেলপথাৰত থকা শ্ৰী শ্ৰীকৃষ্ণ গীতা মন্দিৰ প্ৰাংগণত বিগত বছৰৰ দৰে এইবাৰো অহা ৭ নৱেম্বৰৰ পৰা ১৩ ,নৱেম্বৰলৈ সাতদিনীয়া কাৰ্যসূচীৰে ২৩ সংখ্যক ৰাস মহোৎসৱ অনুষ্ঠিত কৰা হব ।
মাংগলিক কাৰ্যৰ মাজেৰে লাইখুটা স্থাপন কৰে ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি ʼদীপক বড়োৱে ʼ। আনহাতে এই অনুষ্ঠানত সভাপতি দীপক বড়োয়ে তেওঁৰ চমু ভাষণত পামহীক অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি বুলি উল্লেখ কৰে ।এই বৃহত্তৰ অঞ্চলটোত চলি অহা পামহী ৰাস মহোৎসৱে সম্প্ৰীতিৰ বাণী বিলাই আহিছে বুলিও ব্যক্ত কৰে ।
অনুষ্ঠানত সমিতিৰ কাৰ্যকৰী সভাপতি ধীৰাজ টুমুং , উপ সভাপতিদ্বয় বলেশ্বৰ ৰংপী আৰু বিষ্ণু বড়ো , সাধাৰণ সম্পাদকদ্বয় জয়ন্ত টুমুং আৰু পুনাল বড়োকে ধৰি কেবাজনো কৰ্মকর্তা আৰু অঞ্চলটোৰ বহু লোক উপস্থিত থাকে ।