এখন ফুটপাথ গ্ৰন্থমেলা । শুনিবলৈ আচহুৱা নহয়নে ? গ্ৰন্থ বুলি কলে আমাৰ সকলোৰে ভাল লাগে । গুৱাহাটীৰ চান্দমাৰীৰ খেলপথাৰত প্ৰথম অসম গ্ৰন্থমেলা।গ্ৰন্থৰ বাকৰিলৈ ওলাই আহিছে সকলো লানি নিছিগা ভিৰ ভাঙি ১০ টকীয়া টিকট কাটি সকলো সোমাই গৈছে ।
গ্ৰন্থৰ সুবাসত মতলীয়া চৌপাশ । উদূলি মুদূলি এতিয়া গুৱাহাটী মহানগৰীৰ চান্দমাৰীৰ অভিযান্ত্ৰিক খেলপথাৰ । ইয়াৰ মাজতেই দেখিবলৈ পোৱা গ’ল এখন ব্যতিক্ৰমী গ্ৰন্থমেলা। গ্ৰন্থমেলা খনৰ নাম ফুটপাথ গ্ৰন্থমেলা । বিৰ দি বাট নোপোৱা গ্ৰন্থমেলাৰ প্ৰৱেশ দুৱাৰৰ বাহিৰতেই এক সুকীয়া দৃশ্য দেখা গ’ল ।
এজন ব্যক্তি আৰু এখন সৰু দোকান, ঠিক দোকান বুলি কলে হয়তো ভুল হ’ব প্ৰথমে আমি দেখি ভাবিছিলো এয়া হয়তো এটা ৰাষ্টাৰ কাষৰ কিতাপৰ দোকান । কিন্তু আমি ভালকৈ চালো তেওঁলোকৰ লগত কথা পাতিলো । এয়া এখন গ্ৰন্থমেলা যাৰ নাম দিয়া হৈছে ফুটপাথ গ্ৰন্থমেলা।
আমি জানিবলৈ চেষ্টা কৰিলো, গুৱাহাটীৰ চান্দমাৰী খেলপথাৰত চলি থকা গ্ৰন্থ মেলাৰ ঠিক বাহিৰতেই কিয় এই ব্যতিক্ৰমী পদক্ষেপ বাচি ললে ? ইয়াৰ উদ্দেশ্যই বা কি ?
প্ৰকৃততে এই তিনিগৰাকী লোক জৰিত বোলছবি জগতৰ সৈতে । চিত্ৰনাট্য ,পৰিচালনা আদিৰ লগত এওঁলোক সাধাৰতে জৰিত । কিন্তু কিতাপ পঢ়াৰ যি হাবিয়াস যি আগ্ৰহ সেইখিনি জীয়াই ৰাখিবলৈ এওঁলোকে এই প্ৰচেষ্টা হাতত লৈছে ।
সকলো বস্তু ডিজিটেল হোৱাৰ সময়তে যেন কিতাপ পঢ়াৰ আনন্দবোৰ নোহোৱা হৈছে । বিভিন্ন গল্প কবিতাবোৰ এতিয়া সামাজিক মাধ্যমত উপলব্ধ হৈ পৰাৰ পাছতেই কমি আহিছে কিতাপ পঢ়াৰ মাদকতা । কিন্তু এওঁলোকৰ এই পৰীক্ষামূলক চিন্তাধাৰাই ৰাইজৰ মনত কিতাপ পঢ়াৰ এক নতুন উদ্যম কঢ়িয়ায় আনিছে ।
সামাজিক মাধ্যমৰ দ্ৰুত গতিৰ সময়তেই এওঁলোকৰ বিশেষ প্ৰচেষ্টা । নবীন লেখক লেখিকাসকলক প্ৰকাশৰ ক্ষেত্ৰত সহায় আগবঢ়োৱাৰ কথাৰে এই ধনাত্মক গ্ৰন্থ আন্দোলনৰ সৃষ্টি কৰিছে । উচিত সম্পাদনাৰ ওপৰত ভিত্তি কৰি পাঠকৰ সন্মূখলৈ গ্ৰন্থৰ সোৱাদ যোগাই তোলাৰ এই প্ৰচেষ্টা যাতে সফল হয় Headline 8 ৰ তৰফৰ পৰা এওঁলোকলৈ থাকিল বহুতো শুভকামনা ।