বিহাৰ, উত্তৰ প্ৰদেশকে ধৰি ভাৰতৰ বহু ৰাজ্যত শেহতীয়াকৈ কিছুসংখ্যক প্ৰতিবাদকাৰীয়ে ভাৰত চৰকাৰৰ এটা সিদ্ধান্তৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰা দেখা গৈছে৷ এই বিক্ষোভে যথেষ্ট হিংসাত্মক ৰূপ লোৱাও দেখা গৈছে৷ আৰক্ষীক আক্ৰমণ, ৰাজহুৱা সামগ্ৰী ধ্বংস -মুঠতে এওঁলোকক দমন কৰিবলৈ চৰকাৰে সামৰিক বাহিনীৰ সহায় ল’বলগীয়া হৈছে৷
উল্লেখ্য যে, ভাৰত চৰকাৰে শেহতীয়াকৈ দেশৰ নিয়োগ ব্যৱস্থাৰ সংশোধনৰ বাবে ‘অগ্নিপথ’ শীৰ্ষক এক পদক্ষেপ গ্ৰহণ কৰিছে য’ত চাৰে সোতৰ বছৰৰ পৰা চৌবিশ বছৰ বয়সৰ যুৱক-যুৱতীসকলৰ বাবে দেশৰ সামৰিক বাহিনীত নিযুক্তিৰ সুবিধা প্ৰদান কৰা হৈছে৷ অগ্নিপথত অংশগ্ৰহণ কৰা লোকসকলক অগ্নিবীৰ বুলি অভিহিত কৰা হ’ব৷ সশস্ত্ৰ বাহিনীৰ ক্ষেত্ৰত, ই সশস্ত্ৰ বাহিনীৰ যুৱ প্ৰ’ফাইল বৃদ্ধি কৰিব আৰু ‘উৎসাহ’ আৰু ‘উদ্দীপনা’ৰ সতেজ অৱকাশ প্ৰদান কৰিব। একে সময়তে অধিক প্ৰযুক্তি সমৃদ্ধ সশস্ত্ৰ বাহিনীৰ দিশত এক পৰিৱৰ্তনশীল পৰিৱৰ্তন আনিব বুলিও আশা প্ৰকাশ কৰা হৈছে৷ চাৰি বছৰীয়া এই নিযুক্তিৰ সময়ছোৱাত প্ৰথম বছৰত তেওঁলোকে একৈশ হাজাৰ টকা, দ্বিতীয় বছৰত তেইশ হাজাৰ এশ টকা, তৃতীয় বছৰত পঁচিশ হাজাৰ পাঁচশ আশী টকা আৰু চতুৰ্থ বছৰত আঠাইশ হাজাৰ টকাকৈ দৰমহা লাভ কৰিব৷ একে সময়তে চাৰি বছৰ সমাপ্ত হোৱাৰ পিছত এঘাৰ লাখ এসত্তৰ হাজাৰ টকাৰ সেৱা নিধি পেকেজো লাভ কৰিব৷ গ্ৰেচুইটী আৰু পেঞ্চনৰ সুবিধা নাথাকিব যদিও যোগদানৰ ম্যাদৰ বাবে ৪৮ লাখ টকাৰ অ-অৱদানকাৰী জীৱন বীমাৰ সুবিধা প্ৰদান কৰা হ’ব।
বিক্ষোভকাৰীসকলৰ মতে চাৰি বছৰীয়া কাৰ্যকাল সমাপ্ত হোৱাৰ পিছত পুনৰ আকৌ চাকৰি বিচৰাত সমস্যা হ’ব৷ কিছু সংখ্যকৰ মতে বন্দুকৰ প্ৰশিক্ষণ লোৱা এই যুৱচামে চাৰি বছৰৰ পিছত হয়তো হতাশাগ্ৰস্ত হৈ উগ্ৰপন্থী সংগঠনতো ভৰ্তি হ’ব পাৰে৷ তাৰোপৰি ইয়াত কোনো ৰেংক নাথাকিব, কোনো পেঞ্চন নাথাকিব।
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ তৰফৰ পৰা বিক্ষোভকাৰীসকলৰ এই প্ৰশ্নসমূহৰ উত্তৰ দিছে এনে ধৰণে–
- ৪ বছৰৰ পিছত নিয়মানুৱৰ্তিতা আৰু অনুশাসনৰ পিছত ২৪ বছৰীয়া এজন ব্যক্তিয়ে অতি সহজে অন্যৰ তুলনাত চাকৰি পাবলৈ সক্ষম হ’ব
- প্ৰতি ৪জনৰ ভিতৰত ১জনে পূৰ্ণকালীন চাকৰি লাভ কৰিব
- ৪ বছৰৰ পিছত নিয়মানুৱৰ্তিতা আৰু অনুশাসনৰ পিছত অগ্নিবীৰ এজনক ডাঙৰ কোম্পানীয়ে নিয়োজিত কৰিব বুলি ঘোষণা কৰা হৈছে
- ২১ৰ পৰা২৪ বৰ্ষীয় ব্যক্তি এজনে প্ৰায় ২০ লাখ টকা উপাৰ্জন কৰিব পাৰিব
- ৪ বছৰৰ পিছত যোগ্য অগ্নিবীৰ এজনে চিএপিএফ আৰু অসম ৰাইফলচত নিযুক্তিত অগ্ৰাধিকাৰ লাভ কৰিব
- ৪ বছৰৰ পিছত অসমকে ধৰি বিভিন্ন ৰাজ্যই অগ্নিবীৰসকলক ৰাজ্যিক আৰক্ষী বিভাগৰ নিযুক্তিক অগ্ৰাধিকাৰ প্ৰদান কৰিব।
চৰকাৰৰ উত্তৰত বিক্ষোভকাৰীসকল পতিয়ন যোৱা নাই আৰু তেওঁলোকে এতিয়াও বিভিন্ন স্থানত বিক্ষোভ প্ৰদৰ্শন কৰিয়েই আছে৷ চৰকাৰে এই ক্ষেত্ৰত কিদৰে এই সমস্যাৰ উচিত সমাধান আগবঢ়াব পাৰিব সেয়া হ’ব লক্ষণীয়৷