• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নিবনুৱাৰ পৰা কোটি কোটি টকা সংগ্ৰহৰ লক্ষ্য অসম চৰকাৰৰ!

নিউজ ডেস্ক by নিউজ ডেস্ক
March 28, 2022
in Exclusive, অসম
1 min read
0
নিবনুৱাৰ পৰা কোটি কোটি টকা সংগ্ৰহৰ লক্ষ্য অসম চৰকাৰৰ!
Share on FacebookShare on Twitter

চৰকাৰে টেট শিক্ষকক মাহে ৫০ হাজাৰ টকাতকৈ বেছি দৰমহা দিব নোৱাৰে বুলি মুখ্যমন্ত্ৰীয়ে জনাইছে৷ বেছি দৰমহা পাবৰ বাবে মুখ্যমন্ত্ৰীয়ে নিবনুৱাকলক ব্যক্তিগত খণ্ডত সংস্থাপন বিচাৰিবলৈও পৰামৰ্শ দিছে৷ আনহাতে তেওঁৰেই চৰকাৰে সংস্থাপনহীন নিবনুৱাৰপৰাই চাকৰিৰ আবেদন মাছুলৰ নামত সংগ্ৰহ কৰিব খুজিছে বহু কোটি টকা।

উল্লেখ্য যে, শনিবাৰে অসম চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ২৬৪৪১টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছে ৷ ইয়াৰে তৃতীয় বৰ্গৰ ১৩১৪১টা আৰু চতুৰ্থ বৰ্গৰ ১৩৩০০ টা। এয়া এক লাখ চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ এক ইতিবাচক পদক্ষেপ ৷ কিন্তু একাউণ্টেন্ট, কেছিয়াৰ, এলডিএ, চালক আদি পদৰ বাবে প্ৰকাশ কৰা এই বিজ্ঞাপনত প্ৰকাশ পাইছে যে পদ অনুসৰি চৰকাৰে আবেদন মাচুল ৩৫০ টকা, ২৫০ টকা, ২০০ টকা আৰু ১৫০ টকাকৈ সংগ্ৰহ কৰা হ’ব৷ দৈনিক অসমত প্ৰকাশিত প্ৰতিবেদন মতে যদি ২৬৪৪১টা পদৰ বিপৰীতে যদি ডেৰ লাখ নিবনুৱায়ো আবেদন কৰে তেন্তে চৰকাৰে সংগ্ৰহ কৰিব বৃহৎ ধন৷ গড়ে ২৫০ টকাকৈ মাচুল ধৰিলে ডেৰ লাখ নিবনুৱাৰ পৰা চৰকাৰে সংগ্ৰহ কৰিব প্ৰায় ৪০ কোটি টকা ৷

উল্লেখ্য যে চৰকাৰে পূৰ্বেও বহু পদৰ বিজ্ঞাপন দি নিবনুৱাৰ পৰা মাচুল সংগ্ৰহ কৰিছে ৷ কিন্তু বহু পদৰ সাক্ষাৎকাৰ অনুষ্ঠিত কৰি নিযুক্তিৰ তালিকা প্ৰকাশ কৰা নাই ৷ এপিডিচিএলৰ পদৰ পৰীক্ষা অনুষ্ঠিত কৰিও বাতিল কৰা হৈছে ৷ বিদেশী ন্যায়াধিকৰণৰ ১৭০০ পদৰ সাক্ষাৎকাৰ অনুষ্ঠিত কৰিও নিযুক্তি দিয়া নহ’ল ৷

মুখ্যমন্ত্ৰীয়ে এইবুলি স্পষ্টীকৰণ দিছে যে পৰীক্ষা দিয়াৰ প্ৰমাণ হিচাপেহে মাচুল সংগ্ৰহ হৈছে। প্ৰমাণ ৰাখিবলৈ সামান্য পৰিমানৰ ধন ল’লেও হ’লহেঁতেন৷ মুখ্যমন্ত্ৰীয়ে ৰিলায়েন্সৰ চাকৰিৰ বাবে নিবনুৱাক সাজু হ’বলৈ কোৱাৰ লগতে চৰকাৰী কৰ্মচাৰীসকলক বেছি দৰমহা দিব নোৱাৰে বুলি হাত দাঙি দিয়াৰ পাছতো নিবনুৱাৰ পৰাই মাচুলৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰাটোৱে চৰকাৰৰ বিত্তীয় অৱস্থা টনকিয়াল নোহোৱাটোকে বুজাইছে বুলি সচেতন মহলে কৈছে।

Previous Post

নিউজ বুলেটিন

Next Post

সোণাপুৰত শুভমুক্তি পালে ‘তোমাৰে ভাৱনাত’

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
সোণাপুৰত শুভমুক্তি পালে ‘তোমাৰে ভাৱনাত’

সোণাপুৰত শুভমুক্তি পালে 'তোমাৰে ভাৱনাত'

অস্কাৰঃ ছবিজগতৰ শ্ৰেষ্ঠ পুৰষ্কাৰ ঘোষণা

অস্কাৰঃ ছবিজগতৰ শ্ৰেষ্ঠ পুৰষ্কাৰ ঘোষণা

৯০ৰ দশকৰ দূৰদৰ্শনৰ বিজ্ঞাপন পুনৰ নিৰ্মাণ কৰিলে কৰিশ্মা কাপুৰে

৯০ৰ দশকৰ দূৰদৰ্শনৰ বিজ্ঞাপন পুনৰ নিৰ্মাণ কৰিলে কৰিশ্মা কাপুৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8