এজাক বৰষুণতে যেতিয়া বাট-পথ কৃত্ৰিম বানপানীত বুৰ যায় আৰু আমাৰ দৈনন্দিন কাম-কাজত বাধা আহি পৰে আমি প্ৰথমেই নলা-নৰ্দমাবোৰ পৰিষ্কাৰ নকৰা বুলি চৰকাৰক দোষাৰোপ কৰো। আমি সেই সময়ত পাহৰি যাওঁ গাড়ীৰ খিৰিকীৰে উৰুৱাই দিয়া চিপ্ছ অথবা চকলেটৰ পেকেটটোৰ কথা। আমি পাহৰি যাওঁ ৰাস্তাৰ কাষত ৰৈ সুস্বাদু খাদ্য খোৱাৰ পিছত কাষৰ নৰ্দমাটোলৈ আমিয়েই দলিয়াই দিয়া ‘চিংগল ইউজ’ প্লাষ্টিকৰ কাপ অথবা প্লেটখনৰ কথা। পথৰ কাষৰ জাৱৰৰ দমটোৰ পৰা অহা গোন্ধত আমি নাকত ৰুমাল দি ভাবো, ইমান লেতেৰা আমাৰ চহৰখন, চৰকাৰৰ কাণষাৰ নাই। কিন্তু সেই সময়ত আমি পাহৰি যাওঁ ঘৰৰ পৰা ওলাই অহাৰ সময়ত গাড়ীৰ খাইপথৰ দাঁতিলৈ দলিয়াই থৈ অহা ঘৰৰ পেলনীয়া বস্তুৰ মোনাটোৰ কথা। আমি পাহৰি যাওঁ ঘৰৰ খিৰিকীৰে ‘কোনেনো গম পাব’ ভাবত দলিয়াই দিয়া পেলনীয়া বস্তুবোৰৰ কথা। এনে কিমান যে কাম আমি নিজৰ জ্ঞাতে অজ্ঞাতে কৰি আছো, আৰু চৰকাৰ-প্ৰশাসনক দোষাৰোপ কৰি দায়িত্ব সামৰিছো।
এখন ঘৰ, এটা চৌহদ, এটা চুবুৰী, এটা এলেকা, এখন চহৰৰ পৰিচয় নিৰ্ভৰ কৰে সেইঘৰ, সেই চৌহদ, সেই চুবুৰী, সেই চহৰৰ বাসিন্দাসকলৰ ওপৰত; সেই বাসিন্দাসকলৰ পৰিচ্ছন্নতা, দায়বদ্ধতা আৰু চিভিক চেন্স(civic sense) অৰ্থাৎ নাগৰিক ভাৱনাৰ ওপৰত।
এইটো সঁচা কথা যে বহু উন্নত দেশৰ তুলনাত আমাৰ ভাৰতবৰ্ষ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দিশত পিছ পৰি আছে। য’তে ত’তে জাৱৰ-জোথৰ পেলোৱাটো আমাৰ দেশত সুলভ দৃশ্য।নাগৰিকৰ মাজত ‘চিভিক চেন্স’ৰ অভাৱ ইয়াৰ অন্যতম কাৰণ বুলি ক’ব পাৰি। য’তে-ত’তে পেলনীয়া বস্তু দলিওৱা, থু-খেকাৰ পেলোৱা, মুকলিত মলত্যাগ, ৰাজহুৱা স্থান, ৰাজহুৱা শৌচাগাৰ আদি উপযুক্ত ধৰণে ব্যৱহাৰ নকৰা আদি বিভিন্ন ধৰণৰ অভ্যাসৰ ফলত আমাৰ দেশখন চাফ-চিকুণতাৰ ক্ষেত্ৰত পিছ পৰি আছে। আৰু সেইবাবেই ভাৰত চৰকাৰে দেশখন পৰিচ্ছন্ন কৰি ৰখাৰ লক্ষ্যৰে আৰম্ভ কৰিছে স্বচ্ছ ভাৰত অভিযান। চৰকাৰৰ এই পদক্ষেপ গ্ৰহণৰ কাৰণ এয়ে যে দেখাত সমস্যাটো সৰু যেন লাগিলেও এই এটা সমস্যা সমাধান কৰিব পাৰিলে ইয়াৰ লগত সংগতি থকা আন দহটা সমস্যা সমাধান হৈ যাব। এখন দেশ পৰিষ্কাৰ-পৰিচ্ছন্ন হোৱাৰ লগে লগে সেই দেশখন বহু বীজাণু জনিত বেমাৰৰ পৰা হাত সাৰিব পাৰিব, কৃত্ৰিম বানপানীৰ সমস্যা আঁতৰ হ’ব, চাফ-চিকুণ দেশখনে অধিক পৰ্যটকক আকৰ্ষিত কৰিব ইত্যাদি। কিন্তু কথাটো হ’ল, এখন চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব পাৰে আৰু সেই পদক্ষেপ কাৰ্য্যকৰী কৰাৰ বাবে জনতাক সজাগ কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিব পাৰে। কিন্তু সেই পদক্ষেপৰ সফলতাৰ চাবি কাঠি একমাত্ৰ সেই দেশৰ নাগৰিকৰ হাততহে আছে। যেতিয়ালৈ প্ৰত্যেকজন নাগৰিকে সঁচা অৰ্থত চৌপাশৰ পৰিৱেশ চাফ-চিকুণকৈ ৰাখিম বুলি প্ৰতিজ্ঞাবদ্ধ নহয় তেতিয়ালৈ আমি এখন স্বচ্ছ দেশৰ নাগৰিক হোৱাৰ গৌৰৱ অৰ্জন কৰিব নোৱাৰিম।
‘চিভিক চেন্স’ অথবা নাগৰিক ভাৱনাই কেৱল পৰিষ্কাৰ-পৰিচ্ছন্নতাই নহয়, আন বহুতো দিশ সামৰি লয়।আনৰ সুবিধা-অসুবিধা বিচাৰ নকৰাকৈ কৰা কামবোৰেও আমাৰ ‘চিভিক চেন্স’ৰ অভাৱৰ পৰিচয় দিয়ে। হোৱাই নোহোৱাই গাড়ীৰ হৰ্ণ বজোৱা, য’তে-ত’তে যান-বাহন ৰখাই থোৱা, অনাহকত ৰাতি দুপৰলৈ উচ্চস্বৰত গান আদি বজোৱা ইত্যাদি কাৰ্যই একো একোজন লোকৰ চিভিক চেন্সৰ অভাৱৰে পৰিচয় দিয়ে। “মোৰ ঘৰ মোৰ কথা”, “এইটোতো আপোনাৰ ৰাস্তা নহয়”, “কিনো হ’ব”, “কোনেনো গম পাব”, “আপুনি কোন ক’বলৈ” ধৰণৰ মানসিকতা থকালৈ কিন্তু ‘চিভিক চেন্স’ৰ সজাগতা অনাটো এক প্ৰত্যাহ্বানৰ বাহিৰে আন একো নহয়।
সমাজ এখনৰ মানুহৰ‘ চিভিক চেন্স’ অৰ্থাৎ নাগৰিক ভাৱনা থাকিলেহে সামাজিক নৈতিকতা (Social ethics)ৰ অস্তিত্ব থাকিব পাৰে। নাগৰিক ভাৱনাই এজন দায়িত্বশীল নাগৰিক গঢ়ি তোলে। আৰু নাগৰিকসকল দায়িত্বশীল নোহোৱালৈ এখন উন্নত দেশৰ কল্পনা কৰিব নোৱাৰি। এখন ঠাইৰ পৰিচয় সেই ঠাইৰ মানুহৰ নাগৰিক ভাৱনাৰ জৰিয়তে প্ৰতিফলিত হয়। আইনৰ প্ৰতি সন্মান, শিষ্টাচাৰ, কৰ পৰিশোধ, চৌপাশ পৰিষ্কাৰ কৰি ৰখা আদি কামবোৰ এজন দায়িত্বশীল নাগৰিকে সুচাৰু ৰূপে কৰে। আনহাতে এখন সমাজত কিছুমান অলিখিত আচৰণ বিধি আৰু নিয়মো থাকে, যি বোৰ যি কোনো নাগৰিক সমাজত “ক’ত লিখা আছে” জাতীয় মনোভাব ত্যাগ কৰি মানি চলাটো প্ৰয়োজনীয়।
আমাৰ ঠাইখনক অধিক বসবাস যোগ্য আৰু বহনক্ষম কৰি তোলাৰ বাবে ‘চিভিক চেন্স’ অৰ্থাৎ নাগৰিক ভাৱনা অতি প্ৰয়োজনীয়। আৰু তাৰ বাবে আমি প্ৰত্যেকেই অধিক সজাগ হ’ব লাগিব। আহক এখন পৰিচ্ছন্ন, সুশোভিত আৰুউপযুক্ত বসতি স্থল গঢ়ি তোলাৰ লক্ষ্যৰে একোজন সচেতন নাগৰিকৰ দায়িত্ব পালন কৰো।
লেখক পৰিচয়ঃ বৰ্ণালী মহন্ত। (বৰ্ণালী মহন্ত ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ এগৰাকী ভাৰতীয় তথ্য সেৱা বিষয়া)