সম্প্ৰতি সংবাদমাধ্যম, সামাজিক মাধ্যম সৰ্বত্ৰে চৰ্চিত হৈছে এটা বিশেষ বিষয় । ʼএনকাউন্টাৰʼ । এদিন যদি ড্ৰাগছ ব্যৱসায়ী, কোনোবাদিনা ধৰ্ষণকাৰী আৰক্ষীৰ গুলীত ধৰাশায়ী হোৱাৰ খবৰে সংবাদমাধ্যমৰ শিৰোনাম দখল কৰি অহা পৰিলক্ষিত হৈছে।
এনকাউন্টাৰ কিলিং হৈছে দক্ষিণ এছিয়াত, বিশেষকৈ ভাৰতত, অপৰাধী বা সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ মুখামুখী হোৱা সময়ত আৰক্ষী বা সশস্ত্ৰ বাহিনীয়ে অপৰাধীক গুলীয়াই হত্যা কৰাৰ ক্ষেত্ৰত ন্যায়বিৰোধী হত্যাক বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা এক শব্দ ।
এনকাউন্টাৰ আৰক্ষীৰ এক বিশেষ অধিকাৰ । আত্মৰক্ষাৰ প্ৰয়োজনত অৰ্থা প্ৰাণৰ প্ৰতি ভাবুকি আহি পৰিলে আৰু শান্তি আৰু শৃংখলা বজাই ৰখাৰ বাবে আৰক্ষী বাহিনীৰ অপৰাধীক আঘাত বা হত্যা কৰাৰ অধিকাৰ আছে, ভাৰতীয় দণ্ডবিধিৰ ধাৰা-96 ৰ মতে, প্ৰতিজন মানুহৰ ব্যক্তিগত প্ৰতিৰক্ষাৰ অধিকাৰ আছে যিটো এটা স্বাভাৱিক আৰু অন্তৰ্নিহিত অধিকাৰ । ফৌজদাৰী প্ৰক্ৰিয়া বিধিৰ (চিআৰপিচি) ধাৰা-46-য়ে আৰক্ষীক বল প্ৰয়োগ কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছে । এই ধাৰা অনুসৰি, মৃত্যু বা আজীৱন কাৰাদণ্ডৰ শাস্তিযোগ্য অপৰাধত অভিযুক্ত ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ বাবে প্ৰয়োজনত আৰক্ষীয়ে বল প্ৰয়োগ কৰাৰ অধিকাৰ আছে ।
কিন্তু শেহতীয়াকৈ, অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ এই কঠোৰ পদক্ষেপ বিশেষভাৱে চৰ্চাৰ বিষয় হৈ পৰিছে । অসমৰ শেহতীয়া দৃশ্যপট লক্ষ্য কৰিলে দেখা যাব যে, কোনো ক্ষেত্ৰত এনকাউন্টাৰৰ বাবে আৰক্ষীক যদি প্ৰশংসাৰে উপচাই পেলোৱা হৈছে । আকৌ কোনো ক্ষেত্ৰত এনকাউন্টাৰৰ বাবে সেই একেই আৰক্ষী কটু সমালোচনাৰ সন্মুখীন হৈছে ।
উদাহৰণস্বৰপে , যোৰহাটত সংঘটিত অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত কʼলা লৰা ওৰফে নীৰজ দাসৰ আৰক্ষীৰ জিম্মাত মৃত্যু হোৱাৰ পাচতে অসম আৰক্ষীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল সৰ্বসাধাৰণ ৰাইজ । অৱশ্যে আৰক্ষীয়ে এই ঘটনাক এনকাউন্টাৰ নহয় বৰঞ্চ দুৰ্ঘটনা বুলি দাবী কৰিছিল । কিন্তু সৰ্বসাধাৰণ ৰাইজে সমগ্ৰ বিষয়টোক এনকাউন্টাৰ আখ্যা দিয়া দেখা গʼল । ইয়াৰ পূৰ্বে খাৰঘূলী ৰেভ পাৰ্টীৰ অভিযুক্ত বিশাল চৌধুৰীক কৰা এনকাউন্টাৰক পৰিয়ালৰ লোক মিছা এনকাউন্টাৰ বুলি দাবী কৰি আদালতৰ কাষ চপা দেখা গৈছিল । অতি শেহতীয়াকৈ শনিবাৰে নগাঁও আৰক্ষীয়ে কীৰ্তি কমল বৰা নামৰ এগৰাকী ছাত্ৰক এনকাউন্টাৰ কৰাৰ পাচতে ৰাজ্যজুৰি অসম আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । ইয়াৰ পাচতে আৰক্ষীৰ এই বিশেষ অধিকাৰক লৈ বহু চৰ্চা চলিছে ।
কিন্তু, কিহৰ বাবে আৰক্ষীৰ এই বিশেষ অধিকাৰ হৈ পৰিছে বিতৰ্কৰ বিষয় ? আমি আপোনালোকলৈ লৈ আহিছো দেশ কঁপাই যোৱা এনে কেইটামান এনকাউন্টাৰৰ ঘটনা ।
১০ জুলাই ২০২০, উত্তৰ প্ৰদেশ আৰক্ষীৰ গুলীত ধৰাশায়ী হৈছিল ৬০ টাতকৈও অধিক অপৰাধমূলক গোচৰত অভিযুক্ত ৫৬ বছৰীয়া গেংষ্টাৰ বিকাশ দুবে । দুবেৰ এনকাউন্টাৰৰ ঘটনাটোৰ সৈতে ২০১৯ চনৰ ডিচেম্বৰত দক্ষিণ ভাৰতৰ ৰাজ্য তেলেংগানাৰ ৰাজধানী হায়দৰাবাদত সংঘটিত এনকাউন্টাৰৰ কিছু সাদৃশ্য আছে । ২০১৯ চনত তেলেংগানা আৰক্ষীয়ে হায়দৰাবাদত এজন পশু চিকিৎসকক দলবদ্ধ ভাৱে বলাৎকাৰ কৰি জ্বলাই হত্যা কৰাৰ অভিযোগত চাৰিজন লোকক গুলীয়াই হত্যা কৰিছিল । মূলতঃ আত্মৰক্ষাৰ বাবেই গুলীচালনা কৰিবলৈ বাধ্য হোৱা জানিবলৈ দি তেলেংগানা আৰক্ষীয়ে এই ঘটনাক এনকাউন্টাৰ বুলি অভিহিত কৰিছিল । কিয়নো অভিযুক্ত কেইজনে আৰক্ষী জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰি আৰক্ষীলৈ শিল নিক্ষেপ কৰিছিল । একেদৰে আৰক্ষী জিম্মাৰ পৰা পলাই যাবলৈ চেষ্টা কৰাত আত্মৰক্ষাৰ স্বাৰ্থত ডুবেক হত্যা কৰিবলৈ বাধ্য হʼল বুলি আৰক্ষীয়ে দাবী কৰিছিল । অৱশ্যে বিকাশ ডুবেৰ এনকাউন্টাৰৰ পাচতে উত্তৰ প্ৰদেশ চৰকাৰ আৰু আৰক্ষীৰ ওপৰত কেতবোৰ অভিযোগ উত্থাপন হোৱা দেখা গৈছিল । সমগ্ৰ SYSTEM টোৰ বাবে ভাবুকিস্বৰূপ হৈ পৰাৰ বাবেই বিকাশ ডুবেক হত্যা কৰা বুলি বহুতে দাবী উত্থাপন কৰিছিল । দুয়োটা ঘটনাতে জনসাধাৰণ এই ন্যায়বিৰোধী মৃত্যুদণ্ডৰ পক্ষত আছিল ।
২০০৮ চনৰ ১৯ চেপ্টেম্বৰ, দিল্লী আৰক্ষীৰ এটা বিশেষ দলে জামিয়া নগৰৰ বাটলা হাউচত এটা এনকাউণ্টাৰ সংঘটিত কৰে, য’ত পৰিদৰ্শক মোহন চান্দ শৰ্মাৰ সৈতে দুজন সন্দেহযুক্ত ইণ্ডিয়ান মুজাহিদীন সন্ত্ৰাসবাদী নিহত হয়। ৰাষ্ট্ৰীয় ৰাজধানীত ২০০৮ চনৰ ১৩ ছেপ্টেম্বৰত সংঘটিত ধাৰাবাহিক বিস্ফোৰণত সন্ত্ৰাসবাদীৰ সৈতে জড়িত থকাৰ খবৰ পোৱাৰ পিছত বাটলা হাউচত এনকাউণ্টাৰটো সংঘটিত হৈছিল। বহুতে এনকাউণ্টাৰটোৰ সত্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল । ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে পিপলছ ইউনিয়ন ফৰ ডেমক্ৰেটিক ৰাইটছৰ দ্বাৰা দাখিল কৰা আবেদনৰ ভিত্তিত এনকাউণ্টাৰটোৰ তদন্ত চলাইছিল আৰু দিল্লী আৰক্ষীক ক্লিন চিট প্ৰদান কৰিছিল । ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চৰ্চাৰ বিষয় হৈ পৰা এই এনকাউন্টাৰৰ ঘটনাক লৈ আনকি বলিউদত এখন ছবিও নিৰ্মাণ কৰা হৈছিল ।
২৬ নৱেম্বৰ, ২০০৬, ৱান্টেড ক্ৰিমিনেল সোহৰাবুদ্দিন শ্বেখৰ এনকাউন্টাৰ । গুজৰাট আৰু ৰাজস্থান আৰক্ষীৰ যুটীয়া ভুৱা সংঘৰ্ষত শ্বেখ নিহত হৈছিল বুলি অভিযোগ উত্থাপিত হৈছিল । শ্বেখ আৰু তেওঁৰ পত্নী কৌছাৰ বি হায়দৰাবাদৰ পৰা মহাৰাষ্ট্ৰৰ চাংলিলৈ যাত্ৰা কৰি থকাৰ সময়তে আৰক্ষীয়ে তেওঁলোকক জিম্মাত লৈছিল । অৱশেষত আৰক্ষীৰ জিম্মাতে দুয়োজনৰ মৃত্যু হৈছিল । নৰেন্দ্ৰ মোডীক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰা বুলি দাবী কৰি শ্বেখক হত্যা কৰা হৈছিল । গুজৰাট আৰক্ষীয়ে দাবী কৰা মতে তেওঁ লস্কৰ-ই-তৈবাৰ কৰ্মী আছিল। ২০১০ চনত গোচৰটো গ্ৰহণ কৰি কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৱে গুজৰাটৰ তদানীন্তন গৃহ মন্ত্ৰী (আৰু বৰ্তমান কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ) আৰু গুজৰাট আৰু ৰাজস্থানৰ জ্যেষ্ঠ আৰক্ষী বিষয়াসহ ৩৮ জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।অৱশ্যে, মুম্বাইৰ এখন বিশেষ আদালতে, অমিত শ্বাহকে ধৰি তেওঁলোকৰ ১৬ জনক অব্যাহতি দিছিল ।
১৫ জুন, ২০০৪ । মুম্বাইৰ এজনী ১৯ বছৰীয়া ছোৱালী ইছৰত জাহান আৰু তিনিজন লোকক গুজৰাট আৰক্ষীৰে হোৱা সংঘৰ্ষত হত্যা । চাৰিওজনৰে সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক থকাৰ লগতে তদানীন্তন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডীক হত্যাৰ পৰিকল্পনা কৰা বুলি গুজৰাট আৰক্ষীয়ে দাবী কৰিছিল । মানৱ অধিকাৰ কৰ্মী আৰু বিজেপিৰ প্ৰতিদ্বন্দী দলবোৰে এই ঘটনাক পৰিকল্পিত বুলি অভিযোগ কৰাত এনকাউণ্টাৰটো যথেষ্ট বিতৰ্কিত হৈ পৰিছিল । উচ্চতম ন্যায়ালয়ে সমগ্ৰ ঘটনাৰ চিবিআই ৰ তদন্তৰ নিৰ্দেশ দিছিল, য’ত গুজৰাটৰ কেইবাজনো আৰক্ষী বিষয়াৰ ভূমিকা তদন্তৰ আওতালৈ আহি পৰিছিল ।
এয়া বিতৰ্কৰ আওতাত সোমাই পৰা দেশত সংঘটিত কেইটামান এনকাউন্টাৰৰ ঘটনাৰ উদাহৰণ । পপ কালচাৰটো এই বিষয়টোৱে যথেষ্ট অগ্ৰাধিকাৰ পোৱা পৰিলক্ষিত হৈছে ।বলীউডৰ ব্যাপক ভাৱে জনপ্ৰিয় আৰক্ষীকেন্দ্ৰিক ছবি যেনে “ৰাউডি ৰাঠৌৰ”, “সিংঘম”, আৰু “দাবাং” ইয়াৰ অন্যতম উদাহৰণ ।