ৰাছিয়া- ইউক্ৰেইনৰ যুদ্ধই যেন ভাৰতৰ শিক্ষা ব্যৱস্থাৰ ফুপুলা স্বৰূপটো বিশ্ববাসীক উদঙাই দিছে৷ নিজকে বিশ্বগুৰু বুলি কোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এতিয়া দেশৰ মেডিকেল শিক্ষা ব্যৱস্থাক লৈ চিন্তিত হৈ পৰিছে। ইউক্ৰেইনৰ দৰে এখন সৰু দেশলৈ ভাৰতৰ বৃহৎসংখ্যক ছাত্ৰ-ছাত্ৰী যাব লগা হোৱা কথাটোৱে তেওঁক বিবুধিত পেলাইছে।
উল্লেখ্য যে, যুদ্ধবিধ্বস্ত দেশ ইউক্ৰেইনত বৰ্তমানলৈকে প্ৰায় ১৮০০০ ভাৰতীয় শিক্ষাৰ্থী আৱদ্ধ হৈ আছে। ইয়াৰ মাজত অসমৰ ৩০ৰো অধিক শিক্ষাৰ্থী আছে৷
ইউক্ৰেইনত অধ্যয়ন কৰা মুঠ ৭৬০০০ বিদেশী ছাত্ৰ-ছাত্ৰীৰ ২৪ শতাংশই ভাৰতীয়। ভাৰতৰ বৃহৎসংখ্যক ছাত্ৰ-ছাত্ৰী মেডিকেল পঢ়িবলৈ ইউক্ৰেইনলৈ যোৱাৰ দুটা প্ৰধান কাৰণ আছে। প্ৰথম কাৰণ হ’ল, ভাৰতত প্ৰাৰ্থী অনুসৰি মেডিকেলৰ আসন নাই আৰু দ্বিতীয়তে, ইউক্ৰেইনত মেডিকেল শিক্ষাৰ মাচুল বহু কম৷ ভাৰতত MMBS পাঠ্যক্ৰমৰ বাবে মুঠ আসন আছে ৮৪০০০খন৷ কিন্তু NEET পৰীক্ষাৰ বাবে ২০২১ত পঞ্জীয়ন কৰিছিল ১৬ লাখ শিক্ষাৰ্থীয়ে। ইচ্ছুকসকলে ব্যক্তিগত খণ্ডত নামভৰ্তি কৰিব নোৱাৰে বৃহৎ মাচুলৰ বাবে। ইউক্ৰেইনত ছবছৰীয়া পাঠ্যক্ৰমৰ মাচুল ১৫ৰপৰা ২২ লাখ টকা। ভাৰতত ব্যক্তিগত শিক্ষানুষ্ঠানত এই মাচুল ৬০ লাখৰ পৰা ১.১ কোটি টকা৷ তাৰ লগতে আন দুটা কাৰণ হ’ল শিক্ষাদানৰ মাধ্যম ইংৰাজী আৰু নামভৰ্তিৰ পৰীক্ষা দিব নালাগে ৷ ইউক্ৰেইনৰ ৩৩খন মেডিকেল কলেজৰ MBBS পাঠ্যক্ৰম বিশ্বজুৰি স্বীকৃত ৷ ভাৰতীয় ৰাষ্ট্ৰীয় মেডিকেল আয়োগসহ ৷ এই পাঠ্যক্ৰম সম্পূৰ্ণ কৰি উভতি অহাৰ পাছত ভাৰতীয় শিক্ষাৰ্থীসকলে Foreign Medical Graduate Exam দিব লাগে ৷ ইয়াত উত্তীৰ্ণ হ’লে তেওঁলোকে চিকিৎসকৰ অনুজ্ঞাপত্ৰ লাভ কৰে ৷
উল্লেখ্য যে, প্ৰায় এক দশক পূৰ্বৰে পৰা ভাৰতীয় মেডিকেল শিক্ষাৰ্থীৰ ইউক্ৰেইন গমন আৰম্ভ হৈছিল৷ Private contractorসকলে তাৰ কলেজসমূহৰ লগত যোগাযোগ কৰি ভাৰতীয় শিক্ষাৰ্থীক তালৈ নিয়ে৷
ইউক্ৰেইন যুদ্ধত ভাৰতৰ শিক্ষাৰ্থীৰ দুৰৱস্থাই আমাৰ মেডিকেল শিক্ষা ব্যৱস্থাৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে৷ প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰতত ব্যক্তিগত খণ্ডক আসনৰ সংখ্যা বৃদ্ধিত উদ্যোগ ল’বলৈ ক’লেও মেডিকেল শিক্ষা ব্যয় সাধ্য নহ’লে বৰ্হিগমন অব্যাহত থাকিব। শিক্ষাক সাৰ্বজনীন আৰু ব্যয়সাধ্য কৰাৰ বাবে ইউক্ৰেইনৰ যুদ্ধৰ পৰা ভাৰতে শিক্ষা লোৱা উচিত৷