এনে এটা দিন আহিব যেতিয়া এখেতক গান গোৱাবলৈ আপোনালোকে ভৰিত ধৰিব লাগিব ৷ ভিক্ষা মাগিব লাগিব ৷
কোনে কাৰ বাবে কাৰ কৈছিল এই কথা ? কিয় ইমান উষ্মা এইগৰাকী ব্যক্তিৰ? কাৰ গানৰ কথা কৈছিল তেওঁ?
এই ব্যক্তিগৰাকী আছিল গুলাম হাইদৰ ৷ আৰু তেওঁ কাৰ গানৰ কথা কৈছিল জানেনে? তেওঁ হৈছে দেওবাৰে সমগ্ৰ দেশক কন্দুৱাই চিৰবিদায় লোৱা কোকিলকণ্ঠী লতা মংগেশকাৰ ৷ হাইদৰৰ ক্ষোভৰ মুখত পৰিছিল প্ৰযোজক শশধৰ মুখাৰ্জী ৷ ঘটনাটো ১৯৪৮ৰ ৷
১৯৪২ত পিতৃ দীননাথ মংগেশকাৰৰ বিয়োগৰ পাছত লতাৰ সংগীত যাত্ৰা আগবঢ়াই নিয়াৰ দায়িত্ব লৈছিল পিতৃৰ বন্ধু মাষ্টাৰ বিনায়কে ৷ সেই কাম তেওঁ নিয়াৰিকৈ কৰিছিল ৷ লতাই কেইবাখনো মাৰাঠী আৰু হিন্দী ছবিত গীত গাইছিল । ১৯৪৫ত জন্মস্থান ইন্দোৰৰপৰা মুম্বাইলৈ গৈ বলীউডত কাম কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু ১৯৪৮ত বিনায়কৰো মৃত্যু হয় ৷ এইবাৰ লতাৰ পথপ্ৰদৰ্শক হয় সংগীত পৰিচালক গুলাম হাইদৰ ৷
হাইদৰে লতাক চিনাকি কৰাই দিছিল প্ৰযোজক শশধৰ মুখাৰ্জীক ৷ তেতিয়া মুখাৰ্জীয়ে শ্বহীদ নামৰ এখন ছৱিৰ কাম কৰি আছিল ৷ লতাই ছবিখনৰ গীত গাবলৈ অডিচন দিছিল ৷ কিন্তু মুখাৰ্জীয়ে লতাৰ কন্ঠ পাতল বুলি নাকচ কৰিছিল। ইয়াতেই অগ্নিশৰ্মা হৈ পৰিছিল লতাৰ মেন্টৰ হাইদৰ ৷
হাইদৰে কৈছিল: অনাগত সময়ত প্ৰযোজক আৰু পৰিচালকসকলে লতাৰ ভৰিত ধৰিব লাগিব ৷ ভিক্ষা মাগিব লাগিব ৷ নিজৰ ছবিত এটা গান গোৱাবলৈ ৷ চাই থাকক ।
হাইদৰৰ কথা ফলিয়াইছিল ৷ নৱাগতা লতাৰ কাষত অহৰ্নিশে থিয় দি হাইদৰে ১৯৪৮ৰ মজবুৰ ছবিত ‘ডিল মেৰা তোড়া, মুঝে কহিকা না চোড়া’ গীতটি হাইদৰে লতাক দিছিল ৷ সেই গীতটো আছিল লতাৰ প্ৰথমটো হিট গীত। তাৰ পাছৰখিনি স্বৰ্ণিল ইতিহাস ৷ ৭ দশকজুৰি বলীউডত ৰাজত্ব কৰিছিল ভাৰতৰ নাইটিংগলে ৷ তেওঁৰ কন্ঠৰেই নাৰ্গিছৰপৰা প্ৰীতি জিন্টালৈ প্ৰায় সকলো নায়িকাই উজলাই তুলিছিল নিজক ৷
গুৰুৰ অৱদান কাহানিও পাহৰা নাছিল তেওঁ ৷ ২০১৩চনত নিজৰ ৮৪ সংখ্যক জন্মদিনত লতাই কৈছিল যে গুলাম হাইদৰ হৈছে তেওঁৰ প্ৰকৃত গডফাদাৰ। হাইদৰেই হৈছে প্ৰথম সংগীত পৰিচালক যি তেওঁৰ প্ৰতিভাত সম্পূৰ্ণ আস্থা দেখুৱাইছিল ৷ নহ’লে বলীউডে হেনো তেওঁক নাকচেই কৰি পেলাইছিল ৷
ভাৰতীয় চলচ্চিত্ৰ সংগীতত বৈপ্লৱিক পৰিৱৰ্তন অনাৰ কৃতিত্ব দিয়া হয় হাইদৰক। হাইদৰে কেৱল লতাই নহয়, শ্বমশ্বাদ বেগম, সুধা মালহোত্ৰা আৰু সুৰিন্দৰ কৌশলৰ দৰে শিল্পীকো ভাৰতীয় চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰাত সহায় কৰিছিল ৷ লতা মংগেশকাৰ চিৰবিদায়ে এই মহান সংগীতজ্ঞগৰাকীকো আকৌ এবাৰ চৰ্চালৈ আনিলে ৷ হয়তো কিংবদন্তী গুৰু আৰু শিষ্যৰ কোনোদিন বিচ্ছেদ নহয়েই ৷