ক’ভিডকালীন লক্ডাউনৰ সময়ত সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিৰ কথা নিশ্চয় সকলোৰে মনত আছে ৷ বিশেষকৈ হঠাতে দিয়া এই লক্ডাউনে দেশৰ শ্ৰমিকসকলক কিদৰে বিপৰ্যস্ত কৰিছিল তাৰ ছবিবোৰে এতিয়াও সকলোকে আমনি কৰে ৷ মূলতঃ প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে পৰিয়ালসহ খোজকাঢ়ি হাজাৰ হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰি ঘৰলৈ অহাৰ দৃশ্য আছিল দেশৰ বাবেই এক ট্ৰেজেডী ৷ তাৰ মাজত আছিল অসমৰ ৩ লাখ প্ৰব্ৰজিত শ্ৰমিকো ৷ লগতে লক্ডাউনৰ বাবে চৰকাৰৰ মতেই জীৱিকা হেৰুৱাইছিল প্ৰায় ২৭ লাখে ৷ কিন্তু এইসকলৰ বাবে কি কৰিছে চৰকাৰে?
দৈনিক অসম কাকতত জিতেন্দ্ৰ কুমাৰ চৌধুৰীয়ে যুগুতোৱা বাতৰি মতে ২০২০চনৰ ৩১ আগষ্টত তদানীন্তন ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছিল এক উদ্বেগজনক তথ্য । সেই অনুসৰি কোভিডজনিত পৰিস্থিতিৰ বাবে ৰাজ্যৰ ৬৭ লাখ লোকৰ নিয়োগ আৰু জীৱিকাত বিৰূপ প্ৰভাৱ পৰিছে ৷ বিশেষকৈ অসংগঠিত খণ্ডৰ শ্ৰমিক কৰ্মচাৰী আৰু স্বনিয়োজিত লোকসকল ইয়াৰদ্বাৰা সবাতোকৈ বেছি ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰা হৈছিল ৷ আশংকা কৰা হৈছিল নিয়োগ ১০পৰা ৩০ শতাংশ কমিব ৷ সংস্থাপন হেৰুৱাব পাৰে ১৫.৭ লাখৰপৰা ২৭.১ লাখ লোকে ৷
ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক ৰূপান্তৰ আৰু উন্নয়ন আয়োগে সংস্থাপন হেৰুওৱাসকলৰ বাবে পুনৰ সংস্থাপনৰ সুযোগ সৃষ্টি কৰিবলৈ কেতবোৰ পৰামৰ্শ দিছিল । অৰ্থনীতি আৰু সংস্থাপনৰ সুযোগ সৃষ্টিৰ বাবে পৰামৰ্শ দিছিল প্ৰাক্তন প্ৰশাসনিক বিষয়া সুভাষ চন্দ্ৰ দাসৰ নেতৃত্বত গঠিত এক সমিতিয়েও ৷ কিন্তু এই আটাইবোৰ পৰামৰ্শ পৰি আছে ফাইলৰ দ’মত ৷ বাহিৰৰ ৰাজ্যৰপৰা ঘূৰি অহা প্ৰব্ৰজিত ৩ লাখ শ্ৰমিকৰ বাবেও সংস্থাপনৰ পথ মুকলি কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল ৷ কিন্তু সেইবোৰ প্ৰতিশ্ৰুতিও ৰক্ষা কৰা হোৱা নাই। এনৰেগা আঁচনিৰ অধীনত কাম দিয়া হৈছে মাত্ৰ ৪ হাজাৰ তেনে শ্ৰমিকেহে ৷
ৰাজ্যৰ বাছ চালকসকলকো ১৫০০০ টকাকৈ এককালীন সাহায্য দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল ৷ কিন্তু উক্ত বাতৰি মতে এজনো বাছচালকে এই সাহায্য পোৱা নাই ৷ হয়তো চৰকাৰে নিয়োগ ক্ষেত্ৰত কোভিডসৃষ্ট পৰিস্থিতিয়ে অনা ভয়াৱহ পৰিস্থিতি আওকাণ কৰিছে ৷ বা প্ৰতিশ্ৰুতি দি পালন কৰিব পৰাকৈ চৰকাৰৰ সদিচ্ছা আৰু ধন দুয়োটাই নাই ৷ কাৰণ যিয়েই নহওঁক ই প্ৰমাণ কৰে যে চৰকাৰৰ সময়োচিত পদক্ষেপ অবিহনে অসমে নিবনুৱা সমস্যাৰ ভয়াৱহ ৰূপ এটালৈ অপেক্ষা কৰি আছে ৷