সততে মঞ্চত বিভিন্ন সময়ত বিভিন্ন মন্তব্য কৰি চৰ্চাত থাকে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। জনপ্ৰিয় কণ্ঠশিল্পী গৰাকী তেওঁৰ কিছুমান আপত্তিজনক কথাৰ বাবে প্ৰায়েই চৰ্চাৰ বিষয় হৈ পৰে ।
গীতেই হওক বা তেওঁ বিভিন্ন সময়ত কৰা মন্তব্যই হওক প্ৰায়েই বিতৰ্কৰ সন্মুখীন হয় । জুবিন গাৰ্গ কেইবাবাৰো বিতৰ্কৰ মাজত সোমাই পৰিছে ।
কিন্তু অলপতে বৰপেটা জিলাৰ হাউলীৰ মৌটুপুৰীত লক্ষ্মী পূজা উপলক্ষ্যে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত জুবিনৰ এক মন্তব্যই সকলোকে আৱেগিক কৰি তুলিছে । সংগীতানুষ্ঠান পৰিৱেশন কৰি থকাৰ মাজতেই জুবিনে দৰ্শকক উদ্দেশ্যি কয়, ‘৫০ বছৰতে বহুত উৎপাত কৰিলো । যেতিয়ালৈকে কাম কৰি থাকিম তেতিয়ালৈকে জীয়াই থাকিম, যিদিনা নোৱৰা হ’ম সেইদিনাই মৰি যাম । খটম, বাই বাই………।’
জুবিনৰ এই মন্তব্যই উপস্থিত সকলোকে আৱেগিক কৰি তোলে।