দেশ তথা ৰাজ্যত ভয়াৱহ ভাৱে বৃদ্ধি পাইছে ক’ৰনা মহামাৰীৰ সংখ্যা । ইয়াৰ সমান্তৰালকৈ অ’মিক্ৰণত আক্ৰান্ত হৈছে বিভিন্নজন । বিভিন্ন ৰাজ্যত বৰ্তমান এই মহামাৰীৰ বাবেই বিদ্যালয় মহাবিদ্যালয় তথা শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে ।
অসমতো প্ৰায় শ্ৰেণীসমূহ বন্ধ ৰখা হৈছে । লগতে পৰীক্ষাসমূহ বাতিল কৰা হৈছে । ইয়াৰ উপৰি কাৰ্ফিউৰ সময়সীমা ৯ বজাৰ পৰা পুৱা ৬ বজালৈ ধাৰ্য কৰা হৈছে । মুঠতে সকলো ৰাজ্যই এই মহামাৰীৰ পৰা হাত সাৰিবলৈ বিভিন্ন পন্থা হাতত লৈছে । কিন্তু এই ভয়াৱহ পৰিৱেশৰ মাজতো মহাৰাষ্ট্ৰই কিয় বিদ্যালয় সম্পূৰ্ণৰূপে খোলাৰ প্ৰত্যাহ্বান হাতত ল’লে ?
কভিডৰ বৰ্ধিত সংক্ৰমণৰ মাজতে মহাৰাষ্ট্ৰ চৰকাৰে বিশেষ ঘোষণা কৰিছে ৷ ৰাজ্যৰ সকলো বিদ্যালয় ২৪ জানুৱাৰীৰ পৰা খোলা হ’ব ৷ ক’ভিডৰ তৃতীয় ঢৌৱে ৰাজ্যখনত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ বাবে বিদ্যালয়সমূহ ১৫ ফেব্ৰুৱাৰীলৈ বন্ধ ঘোষণা কৰা হৈছিল ৷ কিন্তু বৃহস্পতিবাৰে ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে ৷
উল্লেখ্য যে মহাৰাষ্ট্ৰত বুধবাৰে ক’ভিডত আক্ৰান্ত হৈছিল ৪৩,৬৯৭জন লোক ৷ মঙলবাৰতকৈ এই সংখ্যা ১০ শতাংশ বেছি ৷ বুধবাৰে ২১৪জন লোক অ’মিক্ৰনতো আক্ৰান্ত হয় ৷ লগতে মৃত্যু হয় ৪৯ জনৰ ৷ ইয়াৰ পাছতো কিয় মহাৰাষ্ট্ৰ চৰকাৰে বিদ্যালয়বোৰ খোলাৰ সিদ্ধান্ত ল’লে?
এই সন্দৰ্ভত শিক্ষামন্ত্ৰী বৰ্ষা গাইকোৱাড়ে এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ তেওঁ স্পষ্টকৈ কৈছে যে ক’ভিড টাস্ক ফ’ৰ্চৰ বিশেষজ্ঞ, বিদ্যালয় আৰু অভিভাৱকৰ সৈতে আলোচনা কৰাৰ পাছতে এই সিদ্ধান্ত লোৱা হৈছে ৷ বিদ্যালয়ৰ পাঠদান বন্ধ কৰি ৰখাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ শিক্ষা জীৱনৰ অপূৰণীয় ক্ষতি হৈছে যাৰ বাবে এতিয়া বিদ্যালয় খোলাৰ গত্যন্তৰ নাই ৷ সেয়ে সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি প্ৰাক্প্ৰাথমিক পৰ্যায়ৰপৰা বিদ্যালয়সমূহ খোলাৰ সিদ্ধান্ত লোৱা হৈছে ৷
এতিয়া প্ৰশ্ন হয়, অসম চৰকাৰে এই ক্ষেত্ৰত কি ব্যৱস্থা ল’ব? সংক্ৰমণ বাঢ়িলেই বিদ্যালয় বন্ধ কৰাটো যে উত্তম উপায় নহয় সেয়া ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় স্তৰৰ বিশেষজ্ঞসকলে দীৰ্ঘদিনৰ পৰাই কৈ আহিছে ৷ শেহতীয়াকৈ বিশ্ববেংকৰ আন্ত:ৰাষ্ট্ৰীয় শিক্ষা সঞ্চালক জেইমী ছাৱেদ্ৰাই কৈছে যে নতুন ঢৌ আহিলেও বিদ্যালয় বন্ধ কৰাটো অন্তিম উপায় হিচাপেহে ল’ব লাগে ৷ লগে লগে বন্ধ কৰি দিয়াৰ কোনো যুক্তি নাই । শিক্ষাখণ্ডত ক’ভিডৰ প্ৰভাৱৰ অধ্যয়ন কৰি অহা ছাৱেদ্ৰাই কয় যে স্কুল খুলিলে ক’ভিডৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ আৰু স্কুল সুৰক্ষিত ঠাই নহয় বুলি কোনো প্ৰমাণ তেওঁলোকে পোৱা নাই ৷
শিশুক প্ৰতিষেধক নিদিয়ালৈকে স্কুল বন্ধ ৰখাৰ ধাৰণাটোৰো কোনো বৈজ্ঞানিক বা প্ৰশাসনিক ভিত্তি নাই বুলি তেওঁ দাবী কৰে ৷ ৰেষ্টোৰা, বাৰ আৰু মল খোলা ৰাখি স্কুল বন্ধ ৰখাৰ কোনো যুক্তি নাই বুলি ছাৱেদ্ৰাই কয় । বিদ্যালয় খুলিলে হ’ব লগা স্বাস্থ্যজনিত সংকট কম, আন ক্ষতিহে বহু বেছি বুলি তেওঁ মত প্ৰকাশ কৰে ৷ শিশুৰ মাজত ক’ভিডৰ সংক্ৰমণ আৰু গুৰুতৰভাৱে ৰোগাক্ৰান্ত হোৱাৰ সংখ্যাও কম বুলি তেওঁ তথ্য দাঙি ধৰে ৷
ছাৱেদ্ৰাই কয় যে ভাৰতত বিদ্যালয় বন্ধ হৈ থাকিলে learning poverty বৃদ্ধি হোৱাৰ আশংকা আছে ৷ learning poverty হৈছে সেই দুৰ্বলতা যাৰ বাবে এটি শিশুৱে ১০ বছৰৰ বয়সৰ আগত পঢ়া আৰু সাধাৰণ শাৰী এটা বুজাৰ ক্ষমতা নলয় ৷ তেওঁ আঙুলিয়াই দিয়ে যে ক’ভিড কালত বিদ্যালয় বন্ধ হৈ থকা বাবে learning poverty ৫৫ শতাংশৰপৰা ৭০ শতাংশলৈ বৃদ্ধি হ’ব পাৰে ৷ ভাৰতৰ দৰে অৰ্থনৈতিক আৰু শৈক্ষিক বৈষম্যত ভুগা দেশত বিদ্যালয় বন্ধ হৈ থাকিলে বহু ছাত্ৰছাত্ৰী পুনৰ বিদ্যালয়লৈ নাহিব বুলিয়েই তেওঁ আশংকা প্ৰকাশ কৰে ৷ ইয়াৰ পৰিণাম এটা প্ৰজন্মৰ লগতে পৰিয়াল, দেশ আৰু বিশ্বই ভুগিব লাগিব বুলি তেওঁ সকীয়াই দিয়ে ৷
অসমৰ শিক্ষাজগতত বিপ্লৱৰ সূচনা কৰাৰ সংকল্প লোৱা চৰকাৰেও শীঘ্ৰে বিশেষজ্ঞৰ লগতে বিদ্যালয় আৰু অভিভাৱকৰ সৈতে আলোচনা কৰি সময়োচিত সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আহি পৰিছে ৷ যদি বিদ্যালয় বন্ধ ৰখাৰ পৰিণাম নতুন প্ৰজন্মৰ ক্ষতি হয় তেন্তে এইক্ষেত্ৰত সকলো পক্ষ তৎপৰ হোৱা দৰকাৰ ৷ মহামাৰীৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিব ৷ শিক্ষালাভৰ সমসুযোগো অব্যাহত ৰাখিব লাগিব ৷