আপুনি মাস্ক কিয় পিন্ধে ?
পিন্ধি ভাল পায় ?
নে আইনৰ ভয়ত পিন্ধে ?
এখন মাস্কৰ এনে কি চুপাৰ পাৱাৰ আছে ?
বিগত তিনিবছৰে জীৱনদায়িনী অক্সিজেনৰ দৰেই মাস্ক পৰিধান কৰাটো সমগ্ৰ বিশ্ববাসীৰ জীৱনৰ এক অপৰিহাৰ্য অংশ হৈ পৰিছে ।
মাস্কে নাজানে জাতি-ভেদ, মাস্কে নাজানে ধনী-দুখীয়াৰ পাৰ্থক্য ।
যেন মাস্ক পৰিধান নকৰিলেই মুহূৰ্ততে আপোনাৰ, মোৰ জীৱনৰ গতি স্তব্ধ হৈ পৰিব ।
মাস্ক পৰিধান নকৰা আৰু নিজৰ কবৰ নিজে খন্দা যেন একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি ।
কিন্তু আপুনি জানি আচৰিত হʼব যে, যি সময়ত বিশ্বত্ৰাস কʼভিডৰ অমিক্ৰণ ভেৰিয়েন্টৰ প্ৰকোপ বৃদ্ধি পাইছে, সেই সময়তে ইংলেণ্ডে মাস্ক পৰিধান কৰাৰ ক্ষেত্ৰত থকা সকলো বাধ্যবাধকতা প্ৰত্যাহাৰ কৰিছে । হয়, মাস্ক পৰিধান কৰাটো ইংলেণ্ডত আৰু বাধ্যতামূলক নহয় । ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিচ জনচনে এই কথা ঘোষণা কৰিছে ।
পিছে আমাৰ আশে-পাশে যি পৰিৱেশ তাৰ প্ৰতি লক্ষ্য কৰিলে ইংলেণ্ড চৰকাৰৰ এয়া মৰসাহ বুলিয়ে কʼব লাগিব । কেৱল মাস্ক পৰিধান কৰাই নহয়, Work From Home আৰু অন্যান্য ক্ষেত্ৰত জাৰি কৰা নিষেধাজ্ঞাসমূহো ইংলেণ্ড চৰকাৰে সম্পূৰ্ণৰূপে উঠাই লৈছে । জনচনে ঘোষণা কৰিছে যে, বৃহস্পতিবাৰৰ পৰা ইংলেণ্ডৰ প্লেন B ব্যৱস্থাসমূহ সমাপ্ত হʼব । সেই অনুসৰি বৃহস্পতিবাৰৰ পৰা ৰাইজে নাইট ক্লাৱ আৰু ডাঙৰ অনুষ্ঠানত অংশ লʼবলৈ মাস্ক পৰিধান কৰা বা কʼভিড-১৯ পাছ ব্যৱহাৰ কৰাৰ কোনো প্ৰয়োজনীয়তা নাই । চেকেণ্ডেৰী পৰ্যায়ত অধ্যয়ণৰত শিক্ষাৰ্থীসকলকো জনচনে মাস্ক পৰিধান কৰাৰ পৰা ৰেহাই দিছে ।
এতিয়া হয়টো আপোনাৰ মনতো প্ৰশ্নৰ উদ্ৰেক হৈছে যে আৰু কিমান দিনলৈ আমি নাক মুখ ঢাকি কানত মাস্ক ওলোমাই ঘূৰিব লাগিব ? ইংলেণ্ডত যদি মাস্ক নিপিন্ধিলেও হয় আমি অসমত কিয় পিন্ধিব লাগে ? অসমত থকা কʼভিড ভেৰিয়েন্ট আৰু ইংলেণ্ডৰ কʼভিড ভেৰিয়েন্ট বেলেগ নেকি ? এইসমূহ প্ৰশ্ন মনলৈ অহাটো স্বাভাৱিক । কিয়নো, যি সময়ত নতুন কʼভিড নিষেধাজ্ঞা ঘোষণা কৰাৰ পাচতে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডাৰ্নে তেওঁৰ বিবাহ বাতিল কৰিছে, আনকি বিশ্ব স্বাস্থ্য সংস্থাইও অমিক্ৰণ ভেৰিয়েন্ট , প্ৰতিষেধক গ্ৰহণ নকৰা সকলৰ বাবে অতি বিপদজনক বুলি মত পোষণ কৰিছে, লগতে WHO ৰ মুৰব্বীয়ে আমি এক সংকটজনক সন্ধিক্ষণত আছোঁ বুলি মন্তব্য কৰিছে তেনে সময়ত ইংলেণ্ড চৰকাৰে এনে কি সাহসত বিশ্বত্ৰাস মহামাৰীবিধ ৰোধ কৰাৰ উদ্দেশ্যে থকা সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে ।
প্ৰধানমন্ত্ৰী বৰিচ জনচনে ভাষণ প্ৰসংগত উল্লেখ কৰা মতে, এই পৰিৱৰ্তনকামী সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সফল হোৱাৰ বাবে তেওঁলোকে বুষ্টাৰ অভিযানক ধন্যবাদ দিব লাগিব । জনচনে উল্লেখ কৰে যে, দেশখনত ইতিমধ্যে ৩৬ নিযুতৰো অধিক বুষ্টাৰ প্ৰদান কৰা হৈছে । যʼত ৬০ বছৰ বা তাতোধিক বয়সৰ ৯০ শতাংশ লোকেই তৃতীয়পালি প্ৰতিষেধক লাভ কৰিছে ।অৱশ্যে মহামাৰী এতিয়াই শেষ হোৱা নাই বুলিও তেওঁ মন্তব্য কৰে ।
ইফালে Times of India ই প্ৰকাশ কৰা মতে ১৭ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীৰ ভিতৰত ভাৰতত সৰ্বমুঠ ২৬৮০ গৰাকী লোকে কʼভিডত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে । স্বাস্থ্য মন্ত্ৰালয়ে দেওবাৰে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি ভাৰতৰ একত্ৰিত কোভিড-১৯ টীকাকৰণ কভাৰেজ ১৬১.৯২ কোটি অতিক্ৰম কৰিছে । ২৪ জানুৱাৰীৰ দিনটোত অসমত মুঠ ৫৯০২ গৰাকী লোক নতুনকৈ কʼভিডত আক্ৰান্ত হোৱাৰ লগতে ১৮ গৰাকী কʼভিড আক্ৰান্ত লোকে প্ৰাণ হেৰুৱাইছে ।
শেহতীয়াকৈ জিএমচিৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰা মন্তব্য অনুসৰি, কʼভিডৰ অমিক্ৰণ ভেৰিয়েন্টৰ প্ৰকোপ পূৰ্বৰ ভেৰিয়েন্টততকৈ কম । ICMR ৰ মতে তিনিদিনৰ পাচতে এই ভাইৰাছৰ প্ৰকোপ কমি যায়, গতিকে কʼভিডৰ অৱস্থিতি ধৰা পৰাৰ ৭ দিন পাচত টেষ্ট নকৰিলেও কোনো কথা নাই । অৱশ্যে ডাঃ শৰ্মাই বাহিৰলৈ ওলাই আহিলে মাস্ক পৰিধান কৰি থাকিবলৈ আহ্বান জনায় ।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া মন্তব্যটো অসমত কʼভিডসৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত জাৰি কৰা নিষেধাজ্ঞাসমূহ শিথিল কৰাৰ সম্ভাৱনাৰ ইংগিত পোৱা গৈছে । মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ এক মন্তব্য কৰি কৈছে যে, মানুহৰ জীৱন-জীৱিকাৰ প্ৰতি যাতে কোনো ভাবুকি নাহে তাৰ প্ৰতি লক্ষ্য ৰাখি সিদ্ধান্ত গ্ৰহণ কৰা হʼব । অমিক্ৰণত মৃত্যুৰ হাৰ কম হোৱাৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্ফিউ শিথিল কৰা হʼব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে ।
এতিয়া অসমত কেতিয়াৰ পৰা স্বাভাৱিক জীৱনযাত্ৰা ঘূৰি আহিব সেয়া সময়েহে কʼব পাৰিব । কিয়নো এই মহামাৰীক প্ৰতিহত কৰাৰ বাবে বিশ্বৰ দেশসমূহক একেলগে কাম কৰিবলৈ আহ্বান জনাই সোমবাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী Tedros Adhanom Ghebreyesus য়ে আতংক আৰু অৱহেলাৰ মাজত আমি আৰু ইয়াক বাঢ়ি গৈ থাকিব দিব নোৱাৰো বুলি মন্তব্য কৰিছে ।