কালী পূজাৰ নিশাই ৰাঁচীত সংঘটিত হ’ল এক কৰুণ ঘটনা । চাকিৰ পৰা সূত্ৰপাত হোৱা অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হ’ল বাছ চালক আৰু পৰিচালক ।
সোমবাৰে নিশা ৰাঁচীৰ খাদগড়া বাছ আস্থানত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ কাৰণ এটা চাকি বুলি জানিব পৰা গৈছে । বাছ আস্থানত বাছখন ৰখাই চালক মদন আৰু পৰিচালক ইব্ৰাহিমে বাছখনৰ ভিতৰতে এটা চাকি জ্বলাই শুই আছিল ।
পৰৱৰ্তী সময়ত সেই চাকিটোৰ পৰা অগ্নিকাণ্ডৰ সূচনা হয় আৰু জুইৰ লেলিহান শিখাই গোটেই বাছখন আৱৰ ধৰে । ফলস্বৰূপে বাছৰ ভিতৰতে থকা চালক আৰু পৰিচালকগৰাকী জীৱন্তে অগ্নিদগ্ধ হয় ।
ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় অগ্নি নিৰ্বাপক বাহিনী আহি ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে যদিও ইতিমধ্যে দুয়োজনৰ মৃত্যু হয় । পৰৱৰ্তী সময়ত আৰক্ষীয়ে দুয়োৰে অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ কৰে ।