মাৰ্ক জুকাৰ্বাগৰ কোম্পানী মেটাক ৰাছিয়াই সন্ত্ৰাসবাদীৰ তালিকাত অন্তৰ্ভূক্ত কৰিছে ।
মেটা ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ মূল কোম্পানী । মঙলবাৰে মস্কোৰ এখন আদালতে ছʼচিয়েল মিডিয়াৰ প্লেটফৰ্মত উগ্ৰপন্থী কাৰ্যকলাপৰ অভিযোগ দাঙি ধৰি দাবী কৰে যে, ইউক্ৰেইনৰ ছʼচিয়েল মিডিয়া ব্যৱহাৰ কাৰীসকলক ৰাছিয়াৰ বিৰুদ্ধে হিংসাৰ প্ৰচাৰ কৰাৰ অনুমতি প্ৰদান কৰিছে । যাৰ ফলত ৰাছিয়াই যোৱা বছৰ মাৰ্চত ফেচবুক আৰু ইনষ্টাগ্ৰাম নিষিদ্ধ কৰিছিল ।
ৰাছিয়াৰ বিষয়া সকলৰ অভিযোগ অনুসৰি ছʼচিয়েল মিডিয়াৰ মঞ্চসমূহে ৰাছিয়াৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই আছিল । ৰাছিয়াত বিজ্ঞাপন আৰু বিক্ৰিৰ বাবে ইনষ্টাগ্ৰাম জনপ্ৰিয় মঞ্চ আছিল । মেটাৰ উকীলে সেই সকলো অভিযোগ খাৰিছ কৰিছিল । ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেনৰ ওপৰত হোৱা আক্ৰমণৰ পিছত সামাজিক মাধ্যমত কঠোৰ সতৰ্কতা লয় যদিও ইউৰোপৰ প্ৰযুক্তি কোম্পানীবোৰে ৰাছিয়াৰ সংবাদ মাধ্যম বোৰ বন্ধ কৰি দিয়ে । ৰাছিয়া ইউক্ৰেইনৰ মাজৰ যুঁজ নৱম মাহত প্ৰৱেশ কৰিছে যদিও কোনো ধৰণৰ শান্তিৰ লক্ষণ বৰ্তমানলৈ নাই । যোৱা ১০ অক্টোবৰত ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত মিছাইল নিক্ষেপ কৰাৰ পাছত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে কয় যে, ৰাছিয়াই আমাক নিশ্চিহ্ন কৰাৰ ষড়যন্ত্ৰ কৰিছে ।