উদ্ধৱ ঠাকৰে নেতৃত্বাধীন গোটে নতুন প্ৰতীক আৰু নতুন নামৰ সৈতে এখন পোষ্টাৰ মুকলি কৰে । নিৰ্বাচন আয়োগে শিৱসেনাৰ বিভক্ত গোটসমূহক নতুন নাম আৰু চিহ্ন আৱন্টন কৰিব দিয়াৰ কেই ঘন্টাৰ পিছতে শিৱসেনাই সামাজিক মাধ্যমত পোষ্টাৰ মুুুুুুুুুুুুকলি কৰে ।
জানিব পৰা মতে, তেওঁলোকৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত যিটো এতিয়াও “শিৱসেনা” নামেৰে জনা যায় তাত তেওঁলোকৰ গোটৰ নতুন নাম “শিৱসেনা”(উদ্ধৱ বালাচাহেব ঠাকৰে) আৰু নতুন প্ৰতীক “জ্বলন্ত টৰ্চ”(মশাল) থকা পোষ্টাৰ শ্বেয়াৰ কৰিছে ।
উল্লেখ্য যে, অহা মাহৰ ৩ নৱেম্বৰত অনুষ্ঠিত হব লগীয়া অন্ধেৰী পূৱ সমষ্টিৰ উপনিৰ্বাচনত নিৰ্বাচন আয়োগে ঠাকৰে আৰু একনাথ সিন্দে নেতৃতাধীন দুয়োটা দলক ধনু আৰু তীৰৰ প্ৰতীক ব্য়ৱহাৰত বাধা আৰোপ কৰিছিল ।
নিৰ্বাচন আয়োগে চলিত উপ-নিৰ্বাচনত আৰু বৰ্তমানৰ বিবাদত চূড়ান্ত আদেশ প্ৰদান নোহোৱালৈকে “জ্বলন্ত টৰ্চ”ক ঠাকৰে গোটৰ প্ৰাৰ্থীৰ প্ৰতীক হিচাপে ঘোষণা কৰে ।