ভাৰতীয় চিনেমা জগতৰ অভিনেতা তথা চিনেমা পৰিচালক, প্ৰযোজকৰ লগতে ৰাজনীতিবীদ ছানী দেউলৰ আজি জন্মদিন । তেওঁ বৰ্তমান লোক সভাৰ সদস্য । তেওঁৰ জন্ম হৈছিল ১৯৫৬ চনৰ ১৯ অক্টোবৰৰ দিনা পাঞ্জাব চহৰৰ চাহনেৱালত ।
তেওঁৰ সম্পূৰ্ণ নাম অজয় সিং দেউল । তেওঁৰ মঞ্চ নাম ছানী দেওল ।তেওঁ সুপৰিচিত এজন ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, ৰাজনীতিবিদ আৰু ভাৰতৰ পঞ্জাৱৰ গুৰদাসপুৰ (লোকসভা সমষ্টি)ৰ বৰ্তমানৰ সাংসদ ।
এজন অভিনেতা হিচাপে তেওঁ খঙাল একচন হিৰোৰ প্ৰতিচ্ছবি অৰ্জন কৰে । ১৯৮০ আৰু ১৯৯০ ৰ দশকত অসংখ্য সফল চলচ্চিত্ৰত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰে ।
বলীউডত তেওঁ ঘায়েল, জিত, দামিনী, ঘটক, বৰ্ডাৰ আৰু গদাৰ: এক প্ৰেম কথা আদি কেইবাখনো ব্লকবাষ্টাৰ চলচ্চিত্ৰত অভিনয় কৰিছিল। দেউলে শ্ৰেষ্ঠ অভিনেতাৰ বাবে দুটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে দুটা ফিল্মফেয়াৰ বঁটাও লাভ কৰিবলৈ সক্ষম হয় ।